Independence Day 2023: স্বাধীনতা দিৱস উপলক্ষে প্ৰান্তে প্ৰান্তে উদযাপন বিভিন্ন কাৰ্য্যসূচী

By

Published : Aug 15, 2023, 5:16 PM IST

thumbnail

ৰঙিয়া, ১৫ আগষ্ট: দেশবাসীয়ে আজি পালন কৰিলে ৭৭ তম স্বাধীনতা দিৱস ৷  দেশৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে বিভিন্ন কাৰ্য্যসূচী । ব্যতিক্ৰম নহয় ৰঙিয়া । ৰঙিয়াৰ ডি এ টিভিএছ মটৰ্চৰ উদ্যোগতো আজি উলিওৱা হয় এক বাইক ৰেলী ।

এই বাইক ৰেলীটো ৰঙিয়া আই অ' চিৰ পৰা আৰম্ভ হৈ মধুকুছি,গুৰমৌ,তুলসীবাৰী, বতাকুছি, বলিসত্ৰ কেন্দুকনা হৈ ৰঙিয়াত সমাপ্ত হয় । এই ৰেলীত ত্ৰিৰংগা লৈ দেশ মাতৃৰ জয়গান কৰা হয় । উক্ত ৰেলীটোৰ  ফ্লেগ অফ কৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ডেকাই । উল্লেখ্য় যে ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে "মোৰ মাটি মোৰ দেশ" অভিযানেৰে পালন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷

লগতে পঢ়ক:Independence Day 2023:ৰৌতাত ৭৭ সংখ্যক স্বাধীনতা দিৱসত বিজেপিৰ বাইক ৰেলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.