Independence Day 2023:ৰৌতাত ৭৭ সংখ্যক স্বাধীনতা দিৱসত বিজেপিৰ বাইক ৰেলী

By

Published : Aug 15, 2023, 4:18 PM IST

thumbnail

ৰৌতা, ১৫ আগষ্টঃ আজি দেশবাসীয়ে পালন কৰিলে ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ লগতে ৰাজ্যজুৰি আজাদী কী অমৃত মহোৎসৱ বৰ্ষ উপলক্ষে "মোৰ মাটি মোৰ দেশ" অভিযানেৰে পালন কৰা হৈছে স্বাধীনতা দিৱস ৷ ব্যতিক্ৰম নহয় ওদালগুৰিও ৷ জিলাখনৰ ৰৌতাতো বিজেপিয়ে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে এই দিৱস ।  

ভাৰতীয় জনতা পাৰ্টীৰ ৰৌতা মণ্ডলৰ উদ্যোগত স্বাধীনতা দিৱস উৎযাপন কৰা হয় ।‌ পুৱা ধনশ্ৰীঘাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বাইক ৰেলী উলিওৱা হয় । দুই শতাধিক বিজেপি কৰ্মীয়ে বাইক ৰেলীৰে স্বাধীনতা দিৱস পালন‌ কৰে । ধনশ্ৰীঘাটৰ পৰা উলিওৱা ৰাইক ৰেলী ৰৌতা,হাটখোলা, ৬৬ নং ধনশ্ৰী, শিলবৰী,কৌপাটি হৈ ওৰাঙত সমাপ্ত হয় ।

লগতে পঢ়ক:77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.