ETV Bharat / state

77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

author img

By

Published : Aug 15, 2023, 3:20 PM IST

পতাকা উত্তোলন কৰি মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতিৰ দীঘলীয়া ভাষণ । ডিজিটেল পদ্ধতিৰে কৰা হ'ব চৰকাৰী সকলো কাম-কাজ । এমাহৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হ'ব মহকুমা আৰু মহকুমাধিপতি । আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ ১০,০০০ টকাকৈ আৰ্থিক অনুদান । চৰকাৰী বিষয়াই ৰাইজৰ কাম সময়মতে কৰি নিদিলে দিব পাৰিব অভিযোগ । বিষয়াই কাম কৰি নিদিলে কৰ্তন কৰা হ'ব দৰমহাৰ টকা । ২৮ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰ ভিতৰত মুকলি হ'ব মালিগাঁৱৰ উৰণীয়া সেতু । দুৰ্গা পূজাৰ পূৰ্বে মুকলি হ'ব জু-ৰোডৰ উৰণীয়া সেতু ।

77th Independence Day
77th Independence Day

গুৱাহাটী, ১৫ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্রীয়ে স্বাধীনতা সেনানীক সুঁৱৰি বিভিন্ন দিশ সামৰি কেইবাটাও ঘোষণা কৰে । লগতে চৰকাৰখনে বিগত কাৰ্যকালত ৰূপায়ণ কৰা আৰু গ্ৰহণ কৰা বিভিন্ন উল্লেখযোগ্য আঁচনিৰ কথা উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে কয় যে শীঘ্ৰেই আৰক্ষী বিভাগত ২৬ টা নতুন ই-সেৱাৰ ব্যৱস্থা কৰা হ'ব । ডিজিটেল পদ্ধতিৰে সকলো চৰকাৰী কাম-কাজ কৰা হ'ব ।

ঘৰৰ পৰাই নিজৰ কাম সমাধান কৰিব পৰা ব্যৱস্থা কৰা হ'ব । দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেনে ধৰণেই কাম কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে বৰ্তমানলৈ ১২৭ জন দুৰ্নীতি পৰায়ণ ব্যক্তিক বৰ্খাস্ত কৰা হৈছে । আনহাতে, সেউজকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে ৰাজ্যত ১০ কোটি বাণিজ্যিক গছপুলি ৰোপণৰ কথা উল্লেখ কৰে । ইয়াৰে ১ কোটি গছপুলি ১৭ ছেপ্টেম্বৰত ৰোপণ কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ইতিমধ্যে ৪০ লাখ লোকে বন বিভাগৰ পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে ।

ক্ৰীড়াৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ প্ৰতিখন গাঁও-পঞ্চায়ত, মহকুমা আৰু জিলাত খেল মহাৰণ অনুষ্ঠিত হ'ব । য'ত ৬০ লাখ লোকে ভাগ ল'ব । সমষ্টি, জিলা পৰ্যায়তো হ'ব খেল । সেইদৰে ৰাজ্যত সাংস্কৃতিক প্ৰতিযোগিতা আয়োজন কৰাৰ চৰকাৰী পৰিকল্পনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যজুৰি বিভিন্ন জনজাতীয় নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । প্ৰশাসনীয় সংস্কাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে এমাহৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হ'ব মহকুমা আৰু মহকুমাধিপতি ।

মহকুমাৰ পৰিৱৰ্তে প্ৰতিখন জিলাতে উপ-জিলা গঠন কৰা হ'ব । মহকুমাধিপতিৰ পৰিৱৰ্তে থাকিব অতিৰিক্ত আয়ুক্ত । আনহাতে, ৰাইজে নিজৰ সমষ্টিতে সকলো সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰি কয় যে সমস্যাৰ সমাধানৰ বাবে সমষ্টিৰ বাহিৰলৈ যাব নালাগে ৰাইজ । মুখ্যমন্ত্রীয়ে লগতে কয় যে অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা ২৭ লাখৰ পৰা ৩৫ লাখলৈ বৃদ্ধি পাব । আত্মসহায়ক গোটসমূহৰ বাবে নতুন আঁচনি ঘোষণা কৰে মুখ্যমন্ত্রীয়ে । ৰাজ্যৰ প্ৰায় ৩,৩৮,২৪৫ টা আত্মসহায়ক গোটৰ ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ অসম চৰকাৰে ১০,০০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিব ।

অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ অসম চৰকাৰে বেংক ঋণৰ সুবিধা আৰু সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুত ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলৰ সবলীকৰণৰ হেতু গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিমাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে ।

শেহতীয়াকৈ অৰুণোদয় ২.০-ৰ জৰিয়তে অসম চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ সৈতে সংলগ্ন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয় । ৰাজ্যত শীঘ্ৰে আৰ টি পি এছ আয়োগ গঠন কৰা হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী বিষয়াই ৰাইজৰ কাম সময়মতে কৰি নিদিলে এই আয়োগত অভিযোগ দিব পাৰিব । বিষয়াই কাম কৰি নিদিলে দৰমহাৰ টকা কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে ।

ৰাজ্যত পুনৰ ২২ হাজাৰ চৰকাৰী চাকৰি দিয়া হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ বাবে ২ লাখকৈ টকা দিয়া হ'ব । বাল্যবিবাহ ৰোধৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে বিগত বৰ্ষৰ স্বাধীনতা দিৱসত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানলৈ ৪০০০ লোকক বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । অসমত সম্পূৰ্ণৰূপে বাল্য বিবাহ নোহোৱা কৰা হ'ব । দহ হাজাৰ ছাত্ৰ-ছাত্ৰী একেলগে হোষ্টেলত থাকিব পৰাকৈ গহপুৰত বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে কনকলতা বৰুৱাৰ সোঁৱৰণত নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয়খন ।

আনহাতে, টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কথাও মুখ্যমন্ত্রীয়ে ভাষণত সদৰী কৰে । আত্মনিৰ্ভৰ অসমৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে একেদিনাই ছয় লাখ লোকক ঘৰ দিয়াৰ পৰিকল্পনা কৰা হৈছে । মুখ্যমন্ত্রীয়ে লগতে কয় যে মিছন বসুন্ধৰাৰ যোগেদি প্ৰথমে ৮ লাখ আৰু দ্বিতীয়বাৰ ১৩ লাখ আবেদন ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে । আনহাতে, ২৮ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰ ভিতৰত মালিগাঁৱৰ উৰণীয়া সেতু মুকলি কৰা হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে দুৰ্গা পূজাৰ পূৰ্বে জু-ৰোডৰ উৰণীয়া সেতু মুকলি কৰা হ’ব । মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ অৰ্থনীতি ২০১৪ চনলৈ বিশ্বৰ ভিতৰত দশম স্থান লাভ কৰিছিল ।

বৰ্তমান মোদী চৰকাৰৰ নেতৃত্বত ভাৰতৰ অৰ্থনীতিয়ে পঞ্চম স্থান লাভ কৰিছে আৰু ২০২৫ চনৰ ভিতৰত ইয়াক তৃতীয় স্থানলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে । কেন্দ্ৰীয় চৰকাৰৰ ডিভাইন আঁচনিয়ে উত্তৰ-পূবক অনন্য গতি দিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । বিগত তিনিটা বছৰত কাৰ্বি শান্তি চুক্তি, বড়ো শান্তি চুক্তি, ডিমাছা শান্তি চুক্তি, আদবাসী শান্তি চুক্তিকে ধৰি চাৰিখন শান্তি চুক্তি সমন্ন হৈছে । ৮০০০ উগ্ৰপন্থী সদস্য মূলসুঁতিলৈ উভতি আহিছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে বৰ্ত্তমান বোমা-গুলী-বাৰুদ নাইকিয়া হৈ আহিছে ।

এতিয়া ৰাজ্যত অশান্ত অঞ্চল হ্ৰাস কৰি ৮ টা অঞ্চলত সীমিত কৰা হৈছে । কৃষকক ধান ক্ৰয়ৰে ৰাজ্য চৰকাৰে সকাহ দিয়াৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ৯ লাখ লোক কৃষক উন্নয়ন নিধিৰ ধন লাভ কৰিছে । ছটা মিল্ক প্ৰচেছিং ইউনিটেৰে প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ দিশত অসম সফল হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । প্ৰগতিৰ দিশত অসম আগুৱাই যাবলৈ সক্ষম হোৱা বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে চৰকাৰখনৰ সফলতাৰ বিভিন্ন দিশ উল্লেখ কৰে ।

লগতে পঢ়ক :Modi's guarantee: অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.