Independence Day 2023: হোজাই মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস

By

Published : Aug 15, 2023, 5:16 PM IST

thumbnail

হোজাই, ১৫ আগষ্ট: দেশবাসীয়ে আজি পালন কৰিলে স্বাধীনতা দিৱস ৷ দেশৰ লগতে ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱ বৰ্ষ উপলক্ষে "মোৰ মাটি মোৰ দেশ" অভিযানেৰে পালন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ হোজাই মহকুমা প্ৰশাসনৰ উদ্যোগতো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ।

হোজাই মহকুমা প্ৰশাসনৰ উদ্যোগত শংকৰদেৱ নগৰৰ প্ৰশাসনৰ সহযোগত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । হোজাইৰ শংকৰদেৱ নগৰৰ কাছাৰী মৈয়দানত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি লাচিত কুমাৰ দাসে । উল্লেখ্য় যে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে মহকুমাধিপতি লাচিত কুমাৰ দাসে শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ।

লগতে পঢ়ক:AASU protest in Barpeta: ৰেলপথ আৰু ৰাজপথ বিচাৰি স্বাধীনতা দিৱসৰ দিনাই বৰপেটাত প্ৰতিবাদত বহিল আছু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.