Tezpur university : তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ শিবিৰ মুকলি শিক্ষামন্ত্ৰীৰ

By

Published : Jul 4, 2023, 7:54 AM IST

thumbnail

তেজপুৰ, 4 জুলাই : শিক্ষক সমাজৰ বাবে এটা ভাল খবৰ ৷ শিক্ষকক ক্ৰেডিট পইন্ট প্ৰদানৰ ব্যৱস্থা কৰা হ’ব আৰু সেই অনুসৰি পদোন্নতি, অন্যান্য সা-সুবিধা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ৷ সোমবাৰে তেজপুৰ বিশ্ব বিদ্যালয়ত অনুস্হিত প্ৰাদেশীকৃত বিদ্যালয়ৰ বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷  

ইংৰাজী মাধ্যম সন্দৰ্ভতো শিক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে কয় যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত আটাইতকৈ বেছি পৰীক্ষাৰ্থীয়েই অনুতীৰ্ণ হৈছে ৷ 64 শতাংশ পৰীক্ষাৰ্থীয়ে অসমীয়াত বেয়া ফল দেখুৱাইছে ৷ এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷ আনহাতে বিজ্ঞান শিক্ষাত শিক্ষাৰ্থীক আগ্ৰহী কৰাত গুৰুত্ব আৰোপ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷ সুৰাৰ বিপণি বৃদ্ধি আৰু মলত সুৰা বিক্ৰী প্ৰসংগত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ সুৰাৰ মাত্ৰা কমাবলৈহে তেনে উদ্যোগ গ্ৰহণ কৰা হৈছে ৷  

উল্লেখ্য যে, সৰ্বশিক্ষা অভিযান আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উদোগত 1200 বিজ্ঞান শিক্ষকক গণিত, ইংৰাজী, পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু শিক্ষা বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব এই প্ৰশিক্ষণ কেন্দ্ৰত ৷ উদ্ধোধনী সভাত উপাচাৰ্য শম্ভুনাথ সিং, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, পঞ্জীয়ক বিৰেন দাস উপস্থিত থাকে ৷

লগতে পঢ়ক : Guwahati News: স্বচ্ছতাৰ দিশে এখোজ; পৌৰসভাৰ মাজত বিতৰণ অটো টিপাৰ বাহন

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.