ETV Bharat / state

Guwahati News: স্বচ্ছতাৰ দিশে এখোজ; পৌৰসভাৰ মাজত বিতৰণ অটো টিপাৰ বাহন

ৰাজ্যৰ 75 খন পৌৰসভাৰ মাজত 218 খন অটো টিপাৰ বাহন বিতৰণ ৰাজ্য চৰকাৰৰ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় এই বিতৰণ কাৰ্যসূচী ৷ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ ৷

Distribution of auto tipper van to Municipal committee
75 খন পৌৰসভালৈ অটো টিপাৰ বাহন

Published : July 4, 2023 at 7:10 AM IST

Choose ETV Bharat

গুৱাহাটী, 4 জুলাই: ৰাজ্যৰ 75 খন পৌৰসভালৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিছে "অটো টিপাৰ" বাহন ৷ পৌৰসভাবোৰৰ মাজত মুঠ 218 খন আৱৰ্জনা সংগ্ৰহকাৰী "অটো টিপাৰ" বাহন আনুষ্ঠানিকভাৱে সোমবাৰে বিতৰণ কৰিছে ৰাজ্য চৰকাৰে । স্বচ্ছ ভাৰত অভিযানৰ নিৰ্দেশনা অনুসৰি শুকান আৰু তিতা আৱৰ্জনা পৃথক কৰিব পৰা তথা বিপজ্জনক সামগ্ৰীৰ বাবে পৃথক হুক সম্বলিত অৰ্থাৎ বিশেষভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে এই অটোবোৰ ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত হয় ৰাজ্যৰ পৌৰ নিকায়সমূহৰ নিৰ্বাচিত প্ৰতিনিধি তথা কৰ্ম-কৰ্তাসকলৰ দক্ষতা উন্নয়ন বিষয়ক এক দিনজোৰা কৰ্মশালাৰ অনুষ্ঠান । এই কৰ্মশালাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৷ একেটা অনুষ্ঠানতে অটো টিপাৰ বাহনবোৰ বিতৰণ কৰা হয় ৷

Ashok Singhal in Sankaradeva Kalakshetra
অটো টিপাৰ বাহন বিতৰণ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহল

এখন স্বচ্ছ অসম নিৰ্মাণৰ লক্ষ্য আগত ৰাখি, স্বচ্ছ ভাৰত অভিযান আৰু অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সৌজন্যত কৰ্মশালাখনিৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । অনুষ্ঠানটোত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কৰ্মশালাখনিত সমল ব্যক্তি তথা বিভাগীয় বিষয়াসকলে প্ৰদান কৰা প্ৰশিক্ষণৰ জৰিয়তে পৌৰ নিকায়ৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকল আৰু বিষয়া-কৰ্মীসকল যথেষ্ট উপকৃত হবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ।

চলিত বাজেটত ৰাজ্যৰ নগৰাঞ্চলৰ বাট-পথ আৰু নলা-নৰ্দমা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1000 কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ কলাক্ষেত্ৰত অনুষ্ঠিত এই কৰ্মশালাত “আৰবান মেনেজমেণ্ট চেণ্টাৰ” ৰ উপ-সঞ্চালক মেঘনা মালহোত্ৰা আৰু টীম লীডাৰ অৰবিন্দ সিঙে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি দেখুৱায় ।

উল্লেখযোগ্য যে কেনে ধৰণৰ কাৰ্যপন্থা হাতত ল'লে অসমে স্বচ্ছ ভাৰত অভিযানত "আৱৰ্জনামুক্ত চহৰ" শাখাত 3 তাৰকাযুক্ত ৰেটিং আৰু “অ’ডিএফ প্লাছ” লাভ কৰিবলৈ সক্ষম হ'ব; তাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ উদেশ্যে এই কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছে । “আৰবান মেনেজমেণ্ট চেণ্টাৰ” নামৰ এটা অভিজ্ঞ সংগঠনৰ দ্বাৰা এই প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

স্বচ্ছতাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া), অম্ৰুট, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, সম্পত্তি কৰ, চহৰ বিত্ত পৰ্টেলৰ লগতে গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অন্যান্য কাৰ্য প্ৰণালীৰ ওপৰতো এই কৰ্মশালাত বিশদভাৱে পৰ্যালোচনা কৰা হয় ।

লগতে পঢ়ক : Case Diary missing: ৩৮ বছৰ পুৰণি গোচৰৰ কেছ ডায়েৰীক লৈ গৃহ বিভাগত হাহাকাৰ