চিলাপথাৰ আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱন উদ্বোধন

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 5:40 PM IST

thumbnail

জোনাই, ৫ ডিচেম্বৰ : মঙলবাৰে শুভ উদ্বোধন কৰা হয় চিলাপথাৰ আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱনটো ৷ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত থানাৰ এই ভৱনটো শুভ উদ্বোধন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দলেই । চিলাপথাৰ আৰক্ষী থানাৰ ভৱন উদ্বোধন অনুষ্ঠানত জিৎমল দলেৰ লগতে উপস্থিত থাকে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা ৷

অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে চিলাপথাৰ আৰক্ষী থানাৰ ভৱনটো ৷ এই ভৱনটোত সকলো ব্যৱস্থাই সুচাৰু ৰূপে কৰা হৈছে ৷ চিলাপথাৰ আৰক্ষী থানাত এতিয়াৰে পৰা অভিযোগকাৰীৰ কাৰণেও সু-ব্যৱস্থা কৰা হৈছে ৷ এইবোৰৰ উপৰিও সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষীৰ মহা-পৰিদৰ্শক জিৎমল দলেই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

আনকি অপৰাধ আৰু দুৰ্নীতিমুক্ত কৰি সমগ্ৰ অঞ্চলটোত সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে বসবাস কৰি থাকিব পাৰে তাৰ বাবে আৰক্ষীৰ সৈতে স্থানীয় জনতাক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় আৰক্ষীৰ মহা-পৰিদৰ্শক জিৎমল দলেই ৷

লগতে পঢ়ক : নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা NCRB প্ৰতিবেদন প্ৰকাশ কৰাক লৈ কংগ্ৰেছৰ‌ প্ৰতিক্ৰিয়া 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.