Jal Jeevan Mission:জল জীৱন মিচনৰ মাকুম জংচন পানী যোগান আঁচনিৰ শুভ উদ্বোধন

By

Published : Jul 19, 2023, 10:29 PM IST

Updated : Jul 20, 2023, 4:29 PM IST

thumbnail

তিনিচুকীয়া, ১৯ জুলাই : সুন্দৰ এক পৰিকল্পনাৰে ভাৰত চৰকাৰৰ উদ্যোগত অসম চৰকাৰৰ পৰিকল্পনাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগিতাৰে অসমৰ প্ৰতিটো ঘৰলৈ বিশুদ্ধ খোৱা পানী ব্যৱস্থাৰ এক প্ৰচেষ্টা মাকুম জংচন পানী যোগান আঁচনি । লোহাৰী পট্টি আৰু চান্দমাৰি গাঁৱক সাঙুৰি লৈ ২১৬ টা পৰিয়ালৰে সৈতে ১ কোটি ৭ লক্ষাধিক টকা খৰছেৰে নিৰ্মাণ কৰি উক্ত আঁচনিটো ৰূপায়ণ কৰা হৈছে ।

আজি বুধবাৰে উক্ত জল জীৱন মিচনৰ পানী যোগান আঁচনিটো কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শুভ উদ্বোধন কৰে । উক্ত ক্ষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক সুৰেন ফুকনৰ লগতে পঞ্চায়ত প্ৰতিনিধি, ৱাৰ্ড সদস্য আৰু দলীয় কৰ্মীসকলে ।

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিটো পৰিদৰ্শন কৰাৰ লগতে এখনি সভাত স্থানীয় ৰাইজক সম্বোধন কৰে আৰু এই আঁচনিটোৰ জৰিয়তে এতিয়া স্থানীয় ৰাইজৰ যথেষ্ট সুবিধা হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :  Jal Jeevan Mission:নগাঁৱত জলজীৱন মিছনৰ পর্যালোচনা সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

Last Updated : Jul 20, 2023, 4:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.