Azadi Ka Amrit Mahotsav: গুৱাহাটীত বিশেষ আলোকচিত্ৰ প্ৰদৰ্শনীৰ আয়োজন

By

Published : Jan 18, 2023, 8:58 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ (Ministry of Information and Broadcasting) অধীনত চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেশ্যন গুৱাহাটীৰ উদ্যোগত মহানগৰীৰ চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ কাৰ্যসূচী (Azadi Ka Amrit Mahotsav in Guwahati)। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে এখন বিশেষ আলোকচিত্ৰ প্ৰদৰ্শনী । প্ৰদৰ্শনীখন বুধবাৰে উদ্বোধন কৰে অসমৰ ৰাজ‍্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে (Photo exhibition in Guwahati)।

উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী সকলৰ জীৱনৰ ওপৰত আলোকপাত কৰা হৈছে প্ৰদৰ্শনীখনত । গোপীনাথ বৰদলৈ, পুষ্পলতা দাস, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰা হৈছে । তদুপৰি বিগত ৮ বছৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল‍্যাণ বিষয়ক চিত্ৰ প্ৰদৰ্শন কৰা হৈছে (Azadi Ka Amirt mahotsav celebration) ।

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই । চিত্ৰ প্ৰদৰ্শনীৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’ব পৰাম্পৰাগত নৃত্য, পুতলা নাচ, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা । ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব প্ৰদৰ্শনীখন ।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ বাবে আহ্বান জনাইছিল কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰি 2021 চনৰ 12 মাৰ্চৰ পৰা এই অভিযান আৰম্ভ হয় আৰু ইয়াৰ অন্ত পৰিব 2023 চনৰ 15 আগষ্টত ৷  

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰত আৰু বিশ্বতে সহযোগিতামূলক অভিযান আৰু প্ৰচাৰৰ জৰিয়তে জনতাৰ আন্দোলনক আৰু অধিক উন্নীত কৰা ৷ এই বিৱৰ্তনৰ ফলত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত 9 টা নতুন বিষয়বস্তুৰ সৃষ্টি হৈছে ৷ ইয়াৰ প্ৰত্যেকটোৱেই ২০২২ চনৰ স্বাধীনতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ‘পঞ্চ প্ৰাণ’ৰ সৈতে মিল খাইছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত কৈছিল ‘‘স্বাধীনতাৰ অমৃত মহোৎসৱৰ অৰ্থ স্বাধীনতাৰ শক্তিৰ অমৃত; স্বাধীনতা সংগ্ৰামৰ যোদ্ধাসকলৰ প্ৰেৰণাৰ অম্ল; নতুন ধাৰণা আৰু প্ৰতিশ্ৰুতিৰ অম্ল আৰু আত্মনিৰ্ভৰতাৰ অম্ল । সেয়ে এই মহোৎসৱ জাতিৰ জাগৰণৰ উৎসৱ; সুশাসনৰ সপোন পূৰণৰ উৎসৱ; আৰু বিশ্ব শান্তি আৰু উন্নয়নৰ উৎসৱ’’ ।

লগতে পঢ়ক: Upcoming election in NE: উত্তৰ-পূৱৰ ৩ খন ৰাজ্যত চৰকাৰ গঠনৰ লক্ষ্য বিজেপিৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.