Illegal timber seized: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনদস্যুৰ হাতোৰা

By

Published : Jul 5, 2023, 5:27 PM IST

thumbnail

নাহৰকটীয়া,5 জুলাই: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনদস্যুৰ হাতোৰা । ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল্যবান গছ কাটি তহিলং কৰিছে চোৰাং কাঠ ব্যৱসায়ীয়ে ৷ সেয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে নাহৰকটীয়াত বন বিভাগে অভিযান চলায়  ৷ জয়পুৰ বনবিভাগৰ এলেকাধীন নামৰূপ দিল্লী বিটৰ খণ্ড বন বিষয়া বাস্তৱ বৰকটকীৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে অভিযান চলাই ৷ গোপন সূত্ৰৰ পম খেদি দলটোৱে কছাৰীপথাৰৰ এজন লোকৰ ঘৰত অভিযান চলাই ৷ অভিযানৰ সময়ত অবৈধ লালি কাঠৰ সৈতে কিৰন গৈৱাৰি নামৰ ব্যক্তিজনক আটক কৰে বনবিভাগে । বৃহৎ পৰিমাণৰ মূল্যবান কাঠখিনি তাঁতি উপাধিৰ ব্যক্তিৰ সহযোগত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা বুলি স্বীকাৰ কৰে আটকাধীন কিৰণ গৈৱাৰিয়ে  ।  

আনহাতে কেইদিনমানৰ পূৰ্বে  দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন বিভাগৰ অভিযান চলিছিল ৷ অভিযানৰ সময়ত অবৈধ লালি কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছিল বন বিভাগ ৷ তাৰ ভিত্তিতে বুধবাৰে অভিযান চলাইছিল বিভাগটোৰ লোকে ৷ 

লগতে পঢ়ক:Preparation for APSC Main Exam: দৰিদ্ৰতাক নেওচি APSC মূল পৰীক্ষাৰ বাবে সাজু তিনি যুৱক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.