Illegal liquor seized in Marioni: মৰিয়নিত অবৈধ সুৰাসহ গ্ৰেপ্তাৰ ব্যৱসায়

By

Published : Aug 6, 2023, 7:57 PM IST

thumbnail

যোৰহাট, ৬ আগষ্ট: যোৰহাট জিলা অন্তৰ্গত মৰিয়নিত শনিবাৰে নিশা আবকাৰী বিভাগে অভিযান চলাই এটা অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সুৰা ব্যৱসায়ী পলাশ গগৈ বুলি জানিব পৰা হৈছে ৷ পলাশ গগৈয়ে দীৰ্ঘদিন ধৰি কুকুৰাপোহীয়া অঞ্চলত অবৈধ সুৰা ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল ৷ অৱশেষত শনিবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই অবৈধ সুৰা ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে ৷

স্থানীয় আৰক্ষীয়ে আজি অবৈধ সুৰা ব্যৱসায়ীটোক আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে ধৃত পলাশ গগৈয়ে নিজ ঘৰতে অবৈধ সুৰাৰ দোকান খুলি বিভিন্ন স্থানত দিয়া লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সৰবৰাহ কৰি আহিছিল ৷ আবকাৰী বিভাগে অভিযান কালত ব্যৱসায়ীটোৱে ঘৰত মজুত কৰি ৰখা কেইবা হাজাৰ টকাৰ সুৰাভৰ্তি কাৰ্টন জব্দ কৰে ।

লগতে পঢ়ক: Illegal liquor seized : চিমেন চাপৰিত আবকাৰী বিভাগৰ অভিযানত জব্দ সুৰা, 3 জন আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.