Illegal Liquor Seized : বোকাজানত 15 লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দ

By

Published : Dec 22, 2022, 6:52 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

অসম আৰক্ষীৰ অভিযানত পুনৰ বোকাজানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা (illegal liquor seized at Bokajan) । প্ৰাপ্ত খবৰ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত বুধবাৰে নিশা জব্দ হয় ৫৫০ কাৰ্টন মেঘালয়ৰ অবৈধ সুৰা (illegal liquor from Meghalaya seized at Bokajan) । এক বিশেষ সূত্ৰৰ ভিত্তিত অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত গুৱাহাটীৰ দিশৰ পৰা আহি থকা AS01-PC-4897 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে অবৈধ সুৰাখিনি । আনহাতে, আবকাৰী বিষয়াৰ পৰা জানিব পৰা অনুসৰি, জব্দকৃত সুৰাখিনি অতি কৌশলতাৰে প্লাষ্টিক সামগ্ৰীৰ তলত লুকুৱাই আনিছিল আৰু সুৰাখিনি মণিপুৰৰ ইম্ফললৈ নিয়াৰ পৰিকল্পনা চলাইছিল । এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক আটক কৰে (2 paddler detained for illegal liquor paddling) । জব্দ হোৱা অবৈধ সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য পোন্ধৰ লাখ টকামান হ'ব বুলি জানিবলৈ দিছে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.