Illegal Bangladeshi Infiltrator: সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি অসমত প্ৰৱেশ বাংলাদেশীৰ; কৰিমগঞ্জত উদ্ধাৰ বাংলাদেশৰ মটৰ চাইকেল

By

Published : Jun 29, 2023, 1:53 PM IST

thumbnail

কৰিমগঞ্জ, 29 জুন: এইবাৰ কৰিমগঞ্জৰ অসম-বাংলাদেশ সীমান্তইদি বাইকেৰে অসমত প্ৰৱেশ কৰিলে বাংলাদেশী অনুপ্ৰৱেশকাৰী ৷ সীমান্ত সুৰক্ষা বাহিনীৰ চোকা নজৰৰ মাজতেই মটৰ চাইকেল লৈ অসমত অবৈধভাৱে প্ৰৱেশ কৰিলে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ৷ বিএছএফৰ চকুত ধূলি দি অসমত প্ৰৱেশ কৰাৰ পাছতেই বাইক এৰি নিৰুদিষ্ট বাংলাদেশী অনুপ্ৰৱেশকাৰী ৷ এই ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিমগঞ্জত ৷  

জানিব পৰা মতে ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত কটকটীয়া নিৰাপত্তা বেহু ভাঙি এখন বাংলাদেশৰ পঞ্জীয়ন থকা মটৰ চাইকেলেৰে এটা অনুপ্ৰৱেশকাৰী অসমৰ মাটিত প্ৰৱেশ কৰে ৷ অসমত প্ৰৱেশ কৰাৰ পাছতেই মটৰ চাইকেল এৰি নিৰুদিষ্ট হৈ পৰিল অনুপ্ৰৱেশকাৰীটো ৷ এই ঘটনাৰ পাছত ইতিমধ্যে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নিশাই নিৰুদিষ্ট অনুপ্ৰৱেশকাৰীৰ সন্ধানত স্নিফাৰ ডগ লৈ অভিযান চলায় ৷ অভিযানত কৰিমগঞ্জ চহৰৰ পুৰাতন ষ্টেশ্যন ৰোডত উদ্ধাৰ কৰা হয় এখন বাংলাদেশৰ পঞ্জীয়ন থকা মটৰ চাইকেল ৷ কিন্ত মটৰ চাইকেল উদ্ধাৰ হ’ল যদিও তন্ন তন্নকৈ তালাচী চলোৱাৰ পাছতো সন্ধান লাভ কৰা নাই অবৈধভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীৰ ৷  

এই ঘটনাৰ পিছতেই এতিয়া প্ৰশ্নৰ উদ্ৰেক হৈছে যে, ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা থকাৰ পাছতো কেনেকৈ নিৰাপত্তা বেহু ফালি প্ৰবেশ কৰিলে বাংলাদেশৰ নাগৰিকে ? সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধূলি দি এনেদৰে বাংলাদেশী লোক মটৰ চাইকেলেৰে অসমৰ মাটিত প্ৰৱেশ কৰাৰ দুঃসাহসক সহজভাৱে ল’ব পৰা নাই ৰাইজে ৷ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল নেকি বুলি এতিয়া সন্দিহান হৈ পৰিছে স্থানীয় ৰাইজ ৷ বাংলাদেশী অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰাৰ দৃশ্য ইতিমধ্যে চিচিটিভিতো আৱদ্ধ হৈছে ৷

এই ঘটনাই অসম-বাংলাদেশ সীমান্তৰ নিৰাপত্তা দিশটোৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে বুলিও এতিয়া চৰ্চা চলিছে ৷ বিএছএফ থকাৰ পাছতো কেনেকৈ বাংলাদেশৰ নাগৰিক এনেদৰে অসমত প্ৰৱেশ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই ভাৰতত প্ৰৱেশ কৰা, এতিয়াও সন্ধানহীন এই অনুপ্ৰৱেশকাৰীৰ বাবে এতিয়া সমগ্ৰ জিলাখনতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷

লগতে পঢ়ক: Tense Situation In Lahowal: ছাত্ৰ নেতাক আটক কৰাক লৈ লাহোৱালত নিশা উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.