Husband attacks wife: তৃতীয় মহলাৰ পৰা পেলায় প্ৰাণে মৰাৰ চেষ্টা পত্নীক

By

Published : Feb 10, 2023, 1:57 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী , 10 ফেব্ৰুৱাৰী : পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ মহানগৰীৰ ভেটাপাৰাত চাঞ্চল্যকৰ ঘটনা (Attempted to kill wife at Guwahati)। স্বামীয়ে অট্টালিকাৰ পৰা গতিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰিলে পত্নীক ৷ 

জানিব পৰা মতে, ভুক্তভোগী মহিলা গৰাকীৰ নাম হাচেনা খাতুন ৷ তেওঁ হ’ল জমচেৰ আলিৰ পত্নী ৷ ভেটাপাৰাৰ শিৱম পথৰ গৃহ নং ১২ ত জমচেৰ আলি আৰু পত্নী হাচেনা খাতুনে ভাৰাতীয়া হিচাপে বাস কৰি আহিছিল ৷ কিছুদিনৰ পৰা শিৱম পথৰ গিয়াচুদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ ঘৰত বাস কৰি আহিছিল দুই দম্পত্তিয়ে । তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া লাগিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । অইন দিনাৰ দৰে বৃহস্পতিবাৰ অৰ্থাৎ 9 ফেব্ৰুৱাৰীৰ সন্ধিয়াও কোনো বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় বুলি স্থানীয় ৰাইজে জনায় ৷

ইয়াৰ পিচতে নিজ পত্নীক অট্টালিকাৰ তৃতীয় মহলাৰ পৰা গটা মাৰি পেলাই হত্যাৰ চেষ্টা চলোৱা বুলি স্থানীয় ৰাইজে স্বামী জমচেৰ আলিৰ বিৰুদ্ধে অভিযাগ তোলে (husband tried to kill his wife in guwahati)। ঘটনা সংঘটিত কৰিয়ে অভিযুক্ত স্বামীয়ে ঘৰ এৰি পলায়ন কৰে আৰু বৰ্তমানেও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই হাচেনা খাতুনৰ স্বামী জমচেৰ আলিক । স্থানীয় লোকসকলে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে হাতীগাঁও আৰক্ষীক খবৰ দিয়ে (Hatigaon police station)৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পত্নী হাচেনা খাতুনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা হাস্পতাললৈ প্ৰেৰণ কৰা হয় (Guwahati medical college hospital) ৷ অৱশ্যে কি কাৰণত এনে ভয়ংকৰ ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷

স্বামী জমচেৰ আলিক কৰায়ত্ত কৰাৰ পিচতহে সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হ’ব ৷ হাতীগাঁও আৰক্ষীয়ে অভিযুক্ত জমচেৰ আলিৰ পালচাৰ বাইকখন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে অভিযুক্ত স্বামী জমচেৰ আলিক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক : Mobile Medical Bus Camp : গুৱাহাটীত আৰম্ভ হ’ল ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.