Jamugurihat murder case: মাকৰ ঘৰতে পত্নীক হত্যা স্বামীৰ

By

Published : Aug 21, 2023, 11:48 AM IST

thumbnail

চতিয়া, ২১ আগষ্ট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰিসুঁতিত নৃশংস হত্যাকাণ্ড । স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযুক্তটোৰ নাম দিলোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ দিলোৱাৰ হুছেইনৰ পত্নী আছিল মজিদা বেগম (২৬) । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে জামুগুৰিহাটৰ ১ নং ইটাখোলাৰ অভিযুক্ত দিলোৱাৰ হুছেইন (৩৪) ৷

স্থানীয় লোকে উল্লেখ কৰা মতে, মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে মাতৃ গৃহলৈ গৈছিল মজিদা বেগম । মাতৃ ঘৰলৈ যোৱাৰ পাচতে বাৰে বাৰে স্বগৃহলৈ মজিদাক দিলোৱাৰে মাতি আছিল ৷ কিন্তু মজিদা মাতৃৰ গৃহৰ পৰা ঘূৰি নহাত ক্ষুব্ধ হৈ পৰে দিলোৱাৰ ৷

খঙৰ ভমকত দেওবাৰে দিলোৱাৰে তেওঁৰ পত্নী মজিদা বেগমক মাতৃৰ গৃহতে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ স্বামীৰ ছুৰীকাঘাতৰ ফলত থিতাতে মৃত্যু হয় মজিদা বেগমৰ ৷ জানিব পৰা মতে, নিহত মজিদা বেগম আছিল গৰ্ভৱতী ৷ উক্ত হত্যাকাণ্ডক কেন্দ্ৰ কৰি দেওবাৰে নিশালৈকে জামুগুৰি আৰক্ষী থানাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মৰিসুঁতিৰ ৰাইজেল ৷ মৰিসুঁতিৰ ৰাইজৰ দাবী হত্যাকাৰী দিলোৱাৰক ফাঁচী দিব লাগে ৷

লগতে পঢ়ক : Teenagers went missing: ব’লব’ম যাত্ৰালৈ গৈ অৰুণাচলৰ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.