Money seized in GHY railway station: গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন জব্দ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 8:37 PM IST

thumbnail

গুৱাহাটী,১৩ অক্টোবৰ: গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ । গুৱাহাটীত GRP ৰ নিয়মীয়া তালাচীত বিবেক এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় নগদ ১ কোটি ১০ লাখ টকা । ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যোৱা নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ টকাখিনি । ধনখিনিৰ লগতে ৰে'ল আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক । ধৃত দুই সৰবৰাহকাৰী কেৰালাৰ এন্নাকুলামৰ বাসিন্দা আমেশ মহানন আৰু জিজু জনী বুলি জানিব পৰা গৈছে ।  

দুই সৰবৰাহকাৰীয়ে দুটা ট্ৰলীত সুমুৱাই আনিছিল টকাখিনি । বৃহৎ পৰিমাণৰ ধনখিনি গুৱাহাটীৰ পৰা কেৰালালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । জব্দকৃত ধনৰাশি ক'লা ধন বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে । সৰবৰাহকাৰী দুটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে শুকুৰবাৰৰ দিনটোতে গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা । ৰে'ল আৰক্ষীৰ অভিযানত প্ৰায় ৫০ কেজি গাঞ্জা জব্দ কৰা হয় । ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছিল গাঞ্জাখিনি । লগতে গ্ৰেপ্তাৰ কৰে বিদ্যা নাথ সিং, সঞ্জীৱ দেৱ বৰ্মন, ৰাজেশ মিশ্ৰ নামৰ তিনি গাঞ্জা সৰবৰাহকাৰীকো ।

লগতে পঢ়ক: Dead body recovered: বন্ধ কোঠাৰ ভিতৰত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.