HSLC question paper leak: হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলকৰণক কেন্দ্ৰ কৰি উত্তপ্ত বালিকুৰি

By

Published : Mar 14, 2023, 7:28 AM IST

Updated : Mar 14, 2023, 1:40 PM IST

thumbnail

জনিয়া, 14 মাৰ্চ :  হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলকৰণক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বালিকুৰি । বালিকুৰি বজাৰত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা  । পুত্তলিকা দাহেৰে সকলোৱে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনালে ।

বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত পৰীক্ষা বাতিল কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে কলগাছিয়াৰ বিভিন্ন অঞ্চল (Protest across Assam over hslc paper leak) । শিক্ষা বিভাগ চৰমভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সোমবাৰে কলগাছিয়াৰ বালিকুৰি বজাৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে সংখ্যালঘূ ছাত্ৰ ইউনিয়ন তথা আমছুৰ নেতা কৰ্মীসকলে ৷

মাজনিশা প্ৰশ্নকাকত ফাদিল হোৱাত সোমবাৰে হ’বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা স্থগিত ৰাখিব লগা হয় ৷ পৰীক্ষাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই এতিয়া কপাই তুলিছে ৰাজ্য । পৰৱৰ্তী পৰীক্ষা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব বুলি ছেবাৰ দ্বাৰা ঘোষণা কৰা হৈছে ।

ইফালে শিক্ষা বিভাগৰ এনে ব্যৰ্থতাৰ বাবে মানসিকভাৱে ভাগি পৰিছে পৰীক্ষাৰ্থী ও অভিভাৱকসকল । ফলত কলগাছিয়া জিলা আমছুৰ উদ্যোগত সোমবাৰে বালিকুৰি বজাৰত শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে আমছুৱে শিক্ষা বিভাগ চৰম ভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনায় । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি পৰীক্ষাৰ্থী, অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Dr Ranoj Pegu: তদন্তত পোহৰলৈ আহিব প্ৰশ্নকাকত ফাদিলৰ সকলো ৰহস্য; মন্ত্ৰীৰ আশ্বাস

Last Updated : Mar 14, 2023, 1:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.