Dr Ranoj Pegu: তদন্তত পোহৰলৈ আহিব প্ৰশ্নকাকত ফাদিলৰ সকলো ৰহস্য; মন্ত্ৰীৰ আশ্বাস

By

Published : Mar 13, 2023, 10:43 PM IST

thumbnail

গুৱাহাটী, 13 মাৰ্চ: ছেবাই অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল বিজ্ঞানৰ পৰীক্ষা ৷ কিন্তু প্ৰশ্নকাকত ফাদিলৰ পাচতে পৰীক্ষাটো বাতিল কৰি অহা 30 মাৰ্চত পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইফালে প্ৰশ্নকাকত ফাদিলৰ পাচতে ৰাজ্যজুৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী উঠিছে ( HSLC question paper leak issue) ৷  

এই সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে, সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও এইবাৰ কিবা ভুলক্ৰমে কাকত ফাদিল হ’ল ৷ তদন্ত প্ৰক্ৰিয়া সুকলমে কৰিবৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ চি আই ডিৰ লগতে ছেবাৰ ফালৰ পৰাও নিজাববীয়া তদন্ত কৰা হৈছে বুলি তেওঁ জনায় ৷ ইফালে তেওঁৰ পদত্যাগৰ বিষয়টো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেহে হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী পেগুৱে (Assam exam paper leak news) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.