HSLC result 2023:প্ৰথমবাৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকিল এখন অপ্ৰাদেশীকৃত বিদ্যালয়

By

Published : May 25, 2023, 9:29 AM IST

Updated : May 25, 2023, 10:44 AM IST

thumbnail

হোজাই, 25 মে’ : হোজাই লংকাৰ এখন বিদ্যালয়ে পূৰ্বৰ তুলনাত গড় হিচাপে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ভাল প্ৰদৰ্শন দেখুৱাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীকে ধৰি অভিভাৱকসকল । হয়, চলিত বৰ্ষত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগ জিৰ’ৰ পৰা হিৰ’ হল লংকাৰ এখন  অপ্ৰাদেশীকৃত বিদ্যালয় (Non provincialized school) ৷ লংকাস্থিত এই বিদ্যালয়খনৰ নাম এক্স-চাৰ্ভিছমেন কলনি উচ্চ ইংৰাজী বিদ্যালয় ৷  উক্ত বিদ্যালয়খনত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আছিল শূণ্য ৷ উৰ্ত্তীণ হোৱা নাছিল কোনো শিক্ষাৰ্থী ৷ পৰৱৰ্তী সময়ত উক্ত বিদ্যালয়খনলৈ কাৰণ দৰ্শোৱা জাননীও প্ৰেৰণ কৰিছিল উৰ্ধতম কৰ্তৃপক্ষই ৷

উল্লেখনীয় কথাটো হ’ল এইবাৰ ২০২৩ বৰ্ষত বিদ্যালয়খনৰ পৰা সৰ্বমুঠ ২২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১২ গৰাকীয়ে ভাল ফল লাভ কৰিবলৈ সক্ষম হয় (HSLC result 2023) ৷ তাৰে ভিতৰত ১ গৰাকী ছাত্ৰী ডিষ্টিংচন, এজন প্ৰথম বিভাগ, ৯ গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগ আৰু ১ গৰাকী তৃতীয় বিভাগত উৰ্ত্তীণ হ’বলৈ সক্ষম হয় ৷  তাকে লৈ উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক সমাজৰ লগতে অভিভাৱকসকল ৷ বিদ্যালয়খন যিহেতু বেচৰকাৰী সেয়েহে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ চাই ৰাজ্যৰ শিক্ষামন্ত্ৰীক বিদ্যালয়খন চৰকাৰীকৰণ কৰিবলৈ কাতৰ আহ্বান জনাই বিদ্যালয়খনৰ শিক্ষক সমাজে ৷

লগতে পঢ়ক : HSLC Result 2023: দৰিদ্ৰতাক নেওচি জিলিকিল ধুবুৰীৰ একাংশ ছাত্ৰ-ছাত্ৰী

Last Updated : May 25, 2023, 10:44 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.