HSLC Result 2023: দৰিদ্ৰতাক নেওচি জিলিকিল ধুবুৰীৰ একাংশ ছাত্ৰ-ছাত্ৰী

By

Published : May 24, 2023, 10:54 PM IST

thumbnail

ধুবুৰী, ২৪ মে': আৰ্থিক দৈন্যতাৰ বাবেই সৰুতেই বিদ্যালয় এৰি অশিক্ষিত তথা অন্ধকাৰ জগতলৈ গতি কৰা ধুবুৰীৰ একাংশ শিক্ষাৰ্থীৰ জীৱনৰ পথ সলনি হোৱা এক বৰ্তাই সকলোকে উৎফুল্লিত কৰি তুলিছে । সৰুতে বিদ্যালয় এৰা সেইসকল শিক্ষাৰ্থী আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ একো একোজন চিকিৎসক, ন্যায়াধীশ তথা শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছে (Section of students in Dhubri shine over poverty) ।  

উল্লেখ্য যে, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধুবুৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এশ শতাংশ পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী তথা অভিভাৱকসকল । বিদ্যালয়খনৰ পৰা এইবেলি ১৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৪ গৰাকী প্ৰথম বিভাগ আৰু ৪ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় (HSLC Result 2023) ।

ইয়াৰে সাহানাৰা খাতুন আৰু ছাবিনা ইয়াচমিন নামৰ দুগৰাকী আকৌ ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । বুধবাৰে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ ছাত্ৰীসকলক বিদ্যালয়ৰ ফালৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীৰ পূৰ্বেই দৰিদ্ৰতা আৰু আৰ্থিক দৈন্যতাৰ বাবে বিদ্যালয় এৰিবলৈ এটা সময়ত বাধ্য হৈছিল ।  

যদিও কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ ফালৰ পৰা সেই সকল দৰিদ্ৰ ড্ৰপ আউট শিক্ষাৰ্থীক নতুনকৈ শিক্ষাদানৰ ব্যৱস্থা কৰে । আজি মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এইসকল শিক্ষাৰ্থী একো একোজন চিকিৎসক, ন্যায়াধীশ তথা শিক্ষয়িত্ৰী হোৱাৰ সপোন ৰচিছে । এক কথাত কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ে সলনি কৰিলে এইসকল দৰিদ্ৰ শিক্ষাৰ্থীৰ জীৱনৰ লক্ষ্য । 

লগতে পঢ়ক: Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.