মৰিগাঁৱৰ জাগীভকত গাঁৱত উত্তপ্ত পৰিস্থিতি, উত্তেজিত ৰাইজে বগৰালে গৰু বেপাৰীৰ বাহন

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:53 PM IST

thumbnail

মৰিগাঁও, 7 ডিচেম্বৰ : বুধবাৰে নিশা মৰিগাঁৱৰ জাগীভকত গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এখন বাহনৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা গৰু উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতৰ সৃষ্টি হয় ৷ ৰাইজৰ অভিযোগ অনুসৰি, মৰিগাঁৱৰ বিভিন্ন অঞ্চলত অব্যাহত আছে গৰু চোৰৰ দৌৰাত্ম ৷ নিশা হ’লে চুৰি গৰুসমূহ বহিঃৰাজ্যলৈ সৰবৰাহ কৰে চোৰাং সৰবৰাহকাৰীয়ে ৷ বুধবাৰে নিশাৰ ভাগত মৰিগাঁৱৰ পৰা জাগীৰোড দিশে গৈ থকা AS 01PC 8349 নম্বৰৰ এখন ট্ৰাকত জাগীভকত গাঁৱৰ ৰাইজে তালাচি চলায় ৷ তেতিয়া ট্ৰাকখনৰ পৰা চোৰাংভাৱে অনা 52 টা গৰু জব্দ কৰে ৰাইজে ৷

এই ক্ষেত্ৰত ৰাইজে কয়,  জাগীৰোড আৰক্ষী আৰু গৰু সৰবৰাহকাৰীৰে গোপন মিতিৰালি আছে ৷ যাৰ বাবে অনায়াসে চোৰাংভাৱে গৰু সৰবৰাহ কৰিবলৈ সক্ষম হৈছে গৰু সৰবৰাহকাৰীয়ে ৷ সেয়ে উত্তেজিত ৰাইজে নিশা ৰাজপথতে গৰু বেপাৰীৰ বাহনখন বগৰাই দিয়ে ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷

লগতে পঢ়ক : মৰিগাঁৱৰ মালপোতাত তীব্ৰ বেগী বাইকৰ খুন্দাত নিহত এজন 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.