Eid ul Adha 2023: চিৰাঙত সমুহীয়া নামাজ পঢ়িলে হাগ্ৰামা মহিলাৰীয়ে

By

Published : Jun 29, 2023, 8:05 PM IST

thumbnail

চিৰাং, 20 জুন : আজি মুছলমান সম্প্ৰাদায়ৰ লোকসকলে বিশ্বজুৰি পালন কৰিছে ঈদ-উজ-জোহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ ১ নং দাউখানগৰ জামে মছজিদৰ প্ৰাংগনত অনুষ্ঠিত কৰা হৈছে সমুহীয়া নামাজ ৷ এই সমুহীয়া নামাজত অংশগ্ৰহণ কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ 

নামাজৰ অন্তত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ভাষা লিখিব পৰা অধিকাৰ খৰ্ব কৰাৰ দুৰ্ভাগ্যজনক আখ্যা দিয়ে মহিলাৰীয়ে ৷ 

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া বা অন্যান্য ভাষাক লৈ শেহতীয়াকৈ যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক অনুৰোধ জনায় প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

লগতে পঢ়ক:Allegations of corruption against teok municipality: চুৰি পাইপেৰে খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.