Firing at Rupohihat: ৰূপহীহাটত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী

By

Published : Jul 16, 2023, 10:26 PM IST

thumbnail

চামগুৰি, 16 জুলাই : ৰূপহীহাটৰ ঔঅনাত আৰক্ষী আৰু ডকাইতৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে ৷ আৰক্ষী অহা উমান পাই গুলী ফুটাই পলায়নৰ কৰিবলৈ চেষ্টা চলাই ডকাইতৰ দলটোৱে ৷ এক গোপন খবৰৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিটাকৈ পিষ্টলধাৰী ডকাইতক ৷ 

আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা এটা সক্ৰিয় পিষ্টল উদ্ধাৰ কৰে ৷ আটকাধীন ডকাইতকেইটা ক্ৰমে আশ্বিকুল খান, নাজমুল হক, মজিবুৰ ৰহমান আৰু নাজমুল হক ৷ ডকাইতৰ দলটোৱে গুলী ফুটাই সাঁতুৰি পলাবলৈ চেষ্টা কৰিছিল যদিও পানীৰ পৰাই দৌৰাই দৌৰাই কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ 

ধৃত ডকাইতকেইটা ৰূপহীহাটৰ গেৰেকী গাঁৱৰ অশ্বিকুল, নাজমুল, মজিবুৰ ৰহমান আৰু নাজমুলৰ ঘৰ তামুলীটোপত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Minor suicide case: প্ৰেমিকৰ পৰিয়ালৰ ককৰ্থনা; দশম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.