Durga Puja 2023: ভাস্কৰ নগৰত আদি যোগী আৰ্হিৰ পূজা মণ্ডপ উদ্বোধন ৰাজ্যপাল কাটাৰিয়াৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:31 PM IST

thumbnail

গুৱাহাটী, ২০ অক্টোবৰ: বেলবৰণেৰে ষষ্ঠীৰ পাতত বহিল দেৱী কাত্যায়নী । আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা । মহানগৰীত সাজু ভিন্ন চমকত ভিন্ন আৰ্হিৰ পূজা মণ্ডপসমূহ । প্ৰতিবছৰৰ দৰে এই বৰ্ষতো মহানগৰীৰ ভাস্কৰ নগৰত আয়োজন কৰা হৈছে দুৰ্গা পূজা । ৫৪ বৰ্ষত ভৰি দিলে ভাস্কৰ নগৰৰ পূজাই । ভাস্কৰ নগৰৰ দুৰ্গা পূজাৰ এইবাৰৰ আৰ্হি আদি যোগী । ৩৫ লাখ টকাৰ বাজেটেৰে এইবাৰ ভাস্কৰ নগৰৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে ।  

বিগত বৰ্ষসমূহৰ দৰে এইবৰ্ষত ভাস্কৰ নগৰৰ পূজা মণ্ডপ উদ্বোধন কৰে অসমৰ ৰাজ্যপালে । ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উদ্বোধন কৰে পূজা মণ্ডপ । উদ্বোধনী অনুষ্ঠানত ভাস্কৰ নগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ দ্বাৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে । তিনিটা শাখাত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল 'মহান আহোম ৰাজ বংশ আৰু লাচিত বৰফুকন'।

প্ৰতিবছৰে ভিন্ন আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি আহিছে ভাস্কৰ নগৰ দুৰ্গা পূজা সমিতিয়ে । এই বৰ্ষত আদি যোগীৰ আৰ্হিৰ উপৰিও লাইট আৰু চাউণ্ডৰে বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে । প্ৰায় ৫ লাখ দৰ্শনাৰ্থী সমাগত হ'ব বুলি আশা প্ৰকাশ পূজা সমিতিৰ । বিগত বৰ্ষও ৩৫ লাখ টকাৰ বাজেটেৰে জংঘল বুকৰ আৰ্হিত ভাস্কৰ নগৰৰ পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছিল ।  

লগতে পঢ়ক: Durga Puja 2023: হোজাইত পূজাৰ আনন্দ, বিধায়কে আঁতৰালে দেৱীৰ মুখৰ আৱৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.