Durga Puja 2023: হোজাইত পূজাৰ আনন্দ, বিধায়কে আঁতৰালে দেৱীৰ মুখৰ আৱৰণ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:08 PM IST

thumbnail

হোজাই, ২০ অক্টোবৰ: আজি মহাষষ্ঠী । বিল্ববোধনৰে বেদীত স্থাপিত কৰা হ'ল দশভূজাৰ প্ৰতিমা । ৰাজ্যজুৰি আৰম্ভ হ'ল আনন্দ উৎসৱ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাৰ বিভিন্ন প্ৰান্তটো দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ । হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাই বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত প্ৰতিষ্ঠা কৰা দুৰ্গা দেৱীৰ প্ৰতিমাৰ মুখৰ ওপৰত থকা আৱৰণ আঁতৰাই ষষ্ঠী পূজাৰ আৰম্ভণি কৰে ।  

ইফালে, লংকা খণ্ডৰ অন্তৰ্গত বিভিন্ন স্থানত এইবাৰ ৫০ খন দুর্গোৎসৱৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ মাজতে লংকা চহৰৰ অতিকৈ পুৰণি লংকেশ্বৰী থান বাৰোৱাৰী দুৰ্গা আৰু কালী পূজা কমিটি এইবাৰ ৭৪ সংখ্যাক বছৰত ভৰি দিয়ে । ৰূপনগৰ দুৰ্গা পূজাৰ মণ্ডপ কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা ব্যতিক্ৰমী পূজা মণ্ডপে এইবাৰ বিশেষভাৱে এতিয়াৰ পৰাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এইসমূহ মণ্ডপে এইবাৰ দুর্গোৎসৱত ভক্তিপ্ৰাণ ৰাইজক বিশেষভাৱে মনোৰঞ্জন দিব বুলি আশা কৰা হৈছে ।  

লগতে পঢ়ক: Durga Puja 2023: যোৰহাটত ঢাকৰ তালে তালে কলকাতাৰ শিল্পীৰ নৃত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.