Durga Puja 2023: যোৰহাটত ঢাকৰ তালে তালে কলকাতাৰ শিল্পীৰ নৃত্য

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 9:24 PM IST

thumbnail

যোৰহাট, ২০ অক্টোবৰ: ষষ্ঠী বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰা লগে লগে ৰাজ্যত আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ । ইয়াৰ ব্যতিক্ৰম নহয় সাংস্কৃতিক ৰাজধানী যোৰহাটো । যোৰহাট টাউন ৰে'লৱে ষ্টেচন পূজা আৰু পূজা মণ্ডপে সকলো ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে । কাৰণ অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ আৰ্হিত নিমাণ কৰা হৈছে পূজা মণ্ডপ ।  

আজি ষষ্ঠীৰ দিনা ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপস্থলীত কলকাতা পৰা অহা মহিলা ঢাক শিল্পীসকলে ঢাক পৰিৱেশন কৰে আৰু আকৰ্ষণীয় ঢাক চাবলৈ পূজাস্থলীত ৰাইজ ভিৰ কৰা পৰিলক্ষিত হয় । এই পূজা মণ্ডপে যোৰহাটবাসী ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰা লগতে পূজা সমিতিসমূহে নিৰাপত্তা ব্যৱস্থা দিশটোৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখা লগতে সঘন আৰক্ষী লগত যোগাযোগ অব্যাহত ৰাখিছে ।  

জিলাখনৰ প্ৰায় ৯০ খন পূজা অনুষ্ঠিত হৈছে । ফলত দুৰ্গোৎসৱক লৈ এতিয়া ৰাইজে দুগুণ উৎসাহে পূজা উপভোগ কৰিছে । তাপৰ্যপূৰ্ণ যে আজি মহাষষ্ঠীত সন্ধিয়া দেৱী দুৰ্গাক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হয় । নৱৰাত্ৰিৰ ষষ্ঠ দিন অনুসৰি বেলবোধনৰ কৰাৰ লগে লগে ঢাক-ঢোল, ডবা-শংখ, মংগলধ্বনি উৰুলিৰে, পূজাৰীৰ মন্ত্ৰোচাৰণৰ মাজত মনোকামনা পূৰণৰ বাবে মা দুৰ্গাৰ আৰ্শীবাদ বিচাৰি ভক্তগণ অহা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Durga Puja at Billbeshwar Dewalay: নলবাৰীৰ বেলশৰ বিল্বেশ্বৰ দেৱালয়ত ৰাম কল দেৱীক আদৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.