Durga Puja at Billbeshwar Dewalay: নলবাৰীৰ বেলশৰ বিল্বেশ্বৰ দেৱালয়ত ৰাম কল দেৱীক আদৰণি

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:49 PM IST

thumbnail

নলবাৰী,২০ অক্টোবৰ: উত্তৰ পূৰ্বাঞ্চলৰ ঐন্যতম শৈৱ শক্তিপীঠ তথা আধ্যাত্মিক পূজাৰ বাবে বিখ্যাত নলবাৰী জিলাৰ ঐতিহাসিক বেলশৰ বিল্বেশ্বৰ দেৱালয়ত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে ৷ ষষ্ঠী পূজা উপলক্ষে শুকুৰবাৰে অনুষ্ঠিত হয় দেৱী আদৰণি যাত্ৰা ৷ এক আধ্যাত্মিক বৈদিক নীতিৰে বিল্বেশ্বৰ দেৱালয়ৰ পৰা আদৰণি যাত্ৰা আৰম্ভ কৰি সমগ্ৰ বেলশৰ গাঁও পৰিভ্ৰমণ কৰি গামাৰিমূৰী গাঁৱৰ সবিতা বৰ্মনৰ গৃহত উপস্থিত হয় ৷  

বিল্বেশ্বৰ দেৱালয়ৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰত্বৰ গামাৰিমূৰী গাঁৱৰ সবিতা বৰ্মনৰ ঘৰত বিল্বেশ্বৰ দেৱালয়ৰ মা দুৰ্গা স্বৰূপ ৰাম কল জোপা গজি উঠিছে ৷ ৰজাদিনীয়া পৰম্পৰা অনুসৰি এজোপা ৰাম কল গছকে দেৱী ৰূপত প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হয় ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত ৷  

পৰম্পৰাগতভাৱে ৰজা নাগক্ষৰ দিনৰে পৰা বিল্বেশ্বৰ দেৱালয়ৰ দেৱী দূৰ্গাৰ প্ৰতিমা কল গছৰে তৈয়াৰ কৰি পূজা-অৰ্চনা কৰি আহিছে ৷ কল গছক নাৰী শক্তি হিচাপে লৈ এই পূজা সেৱা কৰি আহিছে বিল্বেশ্বৰ দেৱালয়ত ৷ কেবা শতাধিক পুৰুষ-মহিলা, বালক-বালিকাই বৰ্ণিল শোভাযাত্ৰা কৰি প্ৰতীকী দেৱীক আদৰি আনে ৷ ইয়াৰ পাছতে দেৱী দুৰ্গা ৰূপী বিশেষ ৰামকল পুলিটো সুশোভিত কৰা হয় ৷  

লগতে পঢ়ক: Durga puja 2023: দুৰ্গা পূজাত গুৱাহাটীত নিৰ্মাণ ৰাম মন্দিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.