Thieves arrested in Nalbari: নলবাৰীৰ মুকালমুৱাত আটক ছাগলী চোৰ

By

Published : Nov 16, 2022, 10:30 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

চোৰ বিদ্যা উত্তম বিদ্যা, ধৰা পৰিলে হয় শিলত খুন্দা ৷ শেহতীয়াকৈ নলবাৰীত ছাগলী চোৰ কৰিবলৈ আহি ধৰা পৰিল তিনি চোৰ (Goat thieves arrested in Nalbari)৷ মুকালমুৱাৰ আদাবাৰী পহৰা চকীৰ অন্তৰ্গত তাপা সূতাৰকুছিৰ অংকুৰ কলিতা নামৰ এজন লোকৰ ঘৰত বুধবাৰে ছাগলী কিনাৰ ছলেৰে আহিছিল তিনি চোৰ । ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰ তিনিটা সোমায় গোহালিত ৷ গোহালিৰ পৰা এটা ছাগলী লৈ এখন নম্বৰ প্লেট বিহীন স্কুটিত উঠাই লৈ যোৱাৰ চেষ্টা চলায় চোৰকেইটাই ৷ কিন্তু চেষ্টাত সফল নহ’ল ৷ কাৰণ ভাগ্য বেয়া সিঁহতৰ ৷ সেই সময়তে ওচৰৰ কাষৰ এঘৰে দেখি চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ওলাই আহি খেদি খেদি আটক কৰে দুটা চোৰক ৷ অৱশ্যে ইয়াৰে এটা চোৰ সেই স্থানৰ পলাই যাবলৈ সক্ষম হয় (Thieves arrested in Nalbari) ৷ ৰাইজে দুয়োকে উত্তম-মধ্যম শুধাই গতাই দিয়ে আদাবাৰী পহৰা চকীৰ আৰক্ষীক ৷ আটকাধীন দুই যুৱক অক্ষয় কৈৱৰ্ত আৰু ৰিংকু আলী । দুয়োৰে ঘৰ গলদীঘলাত । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই আনটো চোৰ বাবু ৰহমানকো আটক কৰে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.