Saikhowa Murder case: ছৈখোৱাত কুঠাৰেৰে আঘাত কৰি যুৱতীক হত্যা

By

Published : Nov 12, 2022, 8:05 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ খেৰবাৰীত শুকুৰবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Saikhowa Murder case)৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ শুকুৰবাৰে দিন দুপৰতে এগৰাকী ২২ বছৰীয়া যুৱতীক ঘৰৰ ভিতৰতেই কুঠাৰেৰে মূৰত আঘাত কৰি হত্যা কৰে কোনো দুৰ্বৃত্তই (Girl death case)৷ দুৰ্বৃত্তৰ কুঠাৰৰ আক্ৰমণত থিতাতে নিহত ৰীতা বিস্বাস নামৰ যুৱতীগৰাকী । জানিব পৰা মতে ঘটনাটো হোৱাৰ সময়ত যুৱতীগৰাকীয়ে ঘৰত অকলে আছিল (Girl killed by hitting with an axe at Saikhowa)৷ ঘটনাস্থলীত ছৈখোৱাঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । কি কাৰণে, কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.