Evicted people protest at Dalgaon: চৰকাৰী সা-সুবিধা বিচাৰি দলগাঁৱত গৰুখুটিৰ উচ্ছেদিত লোকৰ প্ৰতিবাদ

By

Published : Jan 9, 2023, 5:18 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ছিপাঝাৰৰ ‌গৰুখুটিৰ ঢলপুৰৰ উচ্ছেদিত পৰিয়ালসমূহক দৰং জিলা প্ৰশাসনে বিভিন্ন প্ৰতিশ্ৰুতি দি প্ৰায়‌ এবছৰ পূৰ্বে পুনঃসংস্থাপন কৰিছিল দৰঙৰ দলগাঁৱৰ আৰিমাৰি আৰু শ্যামপুৰত(Garukhuti Evicted villagers relocated to Dalgaon) । কিন্তু বছৰ পিছতো চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাত দুৰ্ভগীয়া পৰিয়ালকেইটাই সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলগাঁৱত (Evicted people protest at Dalgaon) । প্ৰতিবাদকাৰীসকলে "আমাক এবিঘা মাটি লাগিবই, চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সকলো সুবিধা আমাক লাগিবই, আমাক অধিকাৰ দিবই লাগিব আদি প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি দলগাঁও ৰাজহ চক্ৰৰ চৌহদ (protest against govt)। উল্লেখযোগ্য যে, চৰকাৰে ঢলপুৰৰ উচ্ছেদিত পৰিয়ালসমূহক ঘৰ, নগদ ধন, ৰাস্তা-ঘাট, শৌচালয়, শিক্ষানুষ্ঠান ইত্যাদিৰ সা-সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিৰে পুনঃসংস্থাপন কৰিছিল আৰিমাৰি আৰু শ্যামপুৰত । কিন্তু বছৰ পিছতো চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাত দুৰ্ভগীয়া পৰিয়ালসমূহে আজি দলগাঁৱত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.