Drugs seized in guwahati : ইন্ধন পৰিবাহী টেংকাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:31 AM IST

thumbnail

গুৱাহাটী, 11 অক্টোবৰ: গাঞ্জা সৰবৰাহকাৰীৰ এইবাৰ নতুন কৌশল । ইন্ধন পৰিবাহী টেংকাৰত গাঞ্জা সৰবৰাহৰ চেষ্টা । মহানগৰ আৰক্ষীৰ অভিযানত নিশা বশিষ্ঠত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা । লগতে গ্ৰেপ্তাৰ কৰা হয় দুই সৰবৰাহকাৰীক । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাইছিল বুলি জানিবলৈ দিয়ে । 

উক্ত খবৰৰ পম খেদি বশিষ্ঠ আৰক্ষী আৰু পল্টনবজাৰ আৰক্ষীয়ে নিশা যুটীয়াভাৱে অভিযান চলাই এখন তেল পৰিবাহী টেংকাৰ জব্দ কৰে । ভাৰত পেট্ৰ’লিয়ামৰ ইন্ধন কঢ়িওৱা টেংকাৰখন পৰীক্ষা কৰাত ভিতৰৰ পৰা উদ্ধাৰ হয় পেকেটে পেকেটে গাঞ্জা । তেলৰ টেংকাৰৰ ভিতৰত গোপন চেম্বাৰ বনাই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি কঢ়িয়াই আনিছিল সৰবৰাহকাৰীয়ে । 

NL 01 AH 0501 নম্বৰৰ টেংকাৰখনেৰে শিলচৰৰ পৰা বঙাইগাঁওলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে গুৱাহাটীত জব্দ কৰা হয় টেংকাৰখন । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে টেংকাৰখনৰ ড্ৰাইভাৰ কাচিম আলী আৰু মুকুট আলীক । 

লগতে পঢ়ক: Assam CM wife Land Controversy: মাটি ক্ৰয় নকৰে, কাৰ্বি পাহাৰৰ পৰ্যটন ক্ষেত্ৰলৈহে সহযোগিতা আগবঢ়াব মুখ‍্যমন্ত্ৰী পত্নীয়ে 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.