Ganja seized: কাৰ্বি আংলঙৰ খাকৰাজানত গাঞ্জা জব্দ

By

Published : Jun 12, 2023, 8:15 PM IST

thumbnail

ডিফু,১২ জুন: কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ খাকৰাজানত উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত সোমবাৰে পুৱা ৮:৩০ মান বজাত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চিআৰপিএফ দলৰ সহযোগত খাকৰাজান নাকা পইণ্টত এক বিশেষ নাকা স্থাপন কৰা হয় ৷  

উক্ত সময়ত ডিমাপুৰ দিশৰ পৰা আহি থকা AS-21-C-9426 যাত্ৰীবাহী বাছত তালাচী চলাই প্লাষ্টিকত মেৰিয়াই অনা অৱস্থাত এগৰাকী যাত্ৰীৰ পৰা ৮৫.১৯ কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে হোজাই জিলাৰ লংকা থানা এলেকাৰ সন্তোষ পণ্ডিতৰ পুত্ৰ প্ৰেম' পণ্ডিতক আটক কৰে বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: water pipe explosion: ‘পূৰ্বে গুৱাহাটীত বানপানীত মানুহ মৰিছিল, এতিয়া খোৱাপানীৰ পাইপ ফুটি মানুহ মৰিছে’- ক্ষোভিত ৰাইজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.