Gambling at Barpetaroad: অশোকাষ্টমী মেলাত জুৱাৰ মুকলি আড্ডা

By

Published : Mar 29, 2023, 9:11 PM IST

thumbnail

বৰপেটাৰোড,২৯ মাৰ্চ: আজি পৱিত্ৰ অশোকাষ্টমী(Holy Ashokashtami) ৷ বৰপেটাৰোডৰ বেঁকী নৈৰ পাৰত অশোকাষ্টমী উপলক্ষে দেখা গৈছে যথেষ্ট লোকৰ সমাগম ৷ এই দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকে নিজৰ পূৰ্বপুৰুষ তথা পৰিয়ালৰ মৃত ব্যক্তিসকলক স্মৰণ কৰি পিণ্ডদান কৰে । বৰপেটাৰোডৰ বেঁকী নৈৰ পাৰত অনুষ্ঠিত অশোকাষ্টমীত অগণন লোকে অংশ লোৱাত সৃষ্টি হৈছে এক মেলাসদৃশ পৰিৱেশৰ ।  

মেলাৰ মাজতেই একাংশ জুৱা মাফিয়াই অশোকাষ্টমী মেলাত অবাধে চলাইছে জুৱাৰ ৰমৰমীয়া আড্ডা(Gambling at Ashokashtami Fair in Barpetaroad) । আৰক্ষীৰ চকুত ধূলি দি জুৱা মাফিয়াই চলাই গৈছে জুৱাৰ আড্ডা ৷ সমগ্ৰ দৃশ্য় বন্দী হৈ ৰৈছে গোপন কেমেৰাত(Gambling at Barpetaroad) । বৰপেটৰোডৰ বেঁকী নৈৰ পাৰত অনুষ্ঠিত হোৱা অশোকাষ্টমীৰ মেলাত একাংশই জুৱা মাফিয়াই জুৱাৰ বেহা চলাই থকা কাৰ্যত ক্ষুব্ধ হৈছে অশোকাষ্টমী মেলালৈ অহা ভক্তসকল । উল্লেখ্য যে অশোকাষ্টমীস্থলীৰ কিছুদুৰ নিলগতে আৰক্ষী প্ৰশাসনৰ লোক থকাৰ পাছতো দিনৰ পোহৰতেই কিদৰে জুৱা মাফিয়াই মুকলিকৈ জুৱাৰ ৰমৰমীয়া বেহা চলাবলৈ পাৰিলে তাকলৈয়ো প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷ 

লগতে পঢ়ক: Price hike of life-saving Drug: পহিলা এপ্ৰিলৰ পৰা দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ; অসমত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.