Encounter in Dhubri: গোলকগঞ্জত আৰক্ষীৰ গুলীত আহত তীৰৰ বুকি

By

Published : May 4, 2023, 7:44 PM IST

thumbnail

ধুবুৰী, 4 মে’ : ধুবুৰীৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিত বৃহস্পতিবাৰে দিন দুপৰতে আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় শ্যামল দেৱনাথ নামৰ এজন লোক ৷ উক্ত স্থানত অবৈধ তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান (Encounter in Dhubri)।

তীৰ খেলৰ ঘাটিত অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত এজন লোক গুলীবিদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । গুলীবিদ্ধ হৈ আহত হোৱা শ্যামল দেৱনাথৰ ঘৰ উত্তৰ ৰায়পুৰৰ তৃতীয় খণ্ডত ৷ আহত দেৱনাথক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই জৰুৰী চিকিৎসা আৰম্ভ কৰা হৈছে (encounter in Assam) ।  

উল্লেখ্য যে, শ্যামল দেৱনাথ চাৰিআলি বজাৰত দীৰ্ঘদিনৰ পৰাই তীৰ খেলৰ লগতে আন বিভিন্ন জুৱা খেলৰ লগত জড়িত আছিল । আৰক্ষীয়ে বিভিন্ন সময়ত তীৰ বা জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও জুৱা খেল এতিয়াও বন্ধ হোৱা নাই । আহত লোকজন বৰ্তমানেও সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে (Dhubri police encounter) ।

লগতে পঢ়ক : Encounter in Nagaon: পূৰ্বৰ পৰাই দাগী আছিল ৰমিজুল; এইবাৰ লাগিল গুলীৰ দাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.