Friendly football match in Nagaon : লংকাত মহিলা প্ৰীতি ফুটবল খেল

By

Published : Apr 4, 2023, 2:30 PM IST

thumbnail

নগাঁও, 4 এপ্ৰিল : দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত সকলো লোককে উৎসাহিত কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এলানি কাৰ্যসূচী । অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে দেশত এহেজাৰটা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । ইয়াৰে অংশৰূপে হোজাই জিলাখনৰ লংকা আৰু হোজাইত খেলো ইণ্ডিয়াৰ কেন্দ্র মুকলি কৰা হয় (Friendly football match between womens team) ।

হোজাই জিলাৰ অন্তৰ্গত লংকা আৰু হোজাই খেলো ইণ্ডিয়াৰ কেন্দ্ৰ দুটাৰ মহিলা ফুটবল দলৰ মাজত এখনি প্ৰীতি ফুটবল খেল সোমবাৰে অনুষ্ঠিত হয় । হোজাই জিলাৰ লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত লংকা আৰু হোজাই মহিলা দল দুটাৰ মাজত অনুষ্ঠিত হোৱা উত্তেজনামূলক খেলখনত হোজাই মহিলা দলটোৱে 1- 0 গ’লত লংকা দলটোক পৰাস্ত কৰে । খেলৰ শেষত ক্ৰীড়া সন্থাৰ খেলপথাৰতেই আয়োজিত হয় এখনি সভা (Sports Association of Lanka) ৷ 

উক্ত অনুষ্ঠানত হোজাই জিলাৰ বিভিন্ন ক্ষেত্ৰৰ লোক উপস্থিত থাকে (Friendly football match between women at Lanka)।

লগতে পঢ়ক : Bodoland Movement martyrs: শ্বহীদ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ালে BTR চৰকাৰে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.