সোণাৰিত বিনামূলীয়া চিকিৎসা শিবিৰ

By

Published : Sep 10, 2022, 10:56 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

চৰাইদেউ জিলাৰ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজিত হোৱা সোণাৰিৰ পি বি চিকিৎসালয় আৰু ৰোগ নিৰ্ণয় কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে চিকিৎসালয়খনত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়(Free medical camp in Sonari)। শিবিৰটোত অংশগ্ৰহণ কৰা দহ গৰাকী চিকিৎসকে প্ৰায় ৫০০ লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে । আনহাতে, ৰেহাই মূল্যত বিভিন্ন জটিল ৰোগৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় এই চিকিৎসা শিবিৰত। উল্লেখ্য যে অত্যাধুনিক যন্ত্ৰপাতিৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰা এই চিকিৎসালয়খনত ইতিমধ্যে বহু কেইটা জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছে । মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বিগত বৰ্ষতে চিকিৎসালয়খন শুভাৰম্ভ হোৱাৰ পাছত চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকসকলে চিকিৎসাৰ বাবে বিশেষ সহায়ক হৈ উঠিছে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.