শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিৱিৰ

By

Published : Sep 23, 2022, 4:12 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰা সেৱা পষেকৰ অংশৰূপে আজি শিৱসাগৰত এক স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় (Free medical camp in Sivsagar)। ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ স্বাস্থ্য স্বয়ং সেৱক সমিতিৰ উদ্যোগত আৰু জিলা চিকিৎসা কোষৰ সহযোগত আয়োজিত এই চিকিৎসা শিৱিৰত চহৰখনৰ উপকণ্ঠীয় অঞ্চলসমূহৰ ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় । মধুমেহ, ৰক্তচাপ, চকু ,দাঁতৰ লগতে এই চিকিৎসা শিৱিৰত তেজৰ প্ৰাৰম্ভিক পৰীক্ষা আদি কৰাৰ লগতে বিভিন্ন ৰোগৰ নিদান প্ৰদান কৰা হয় । ইয়াৰ সমান্তৰালভাৱে চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চিকিৎসা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে অটল অমৃত যোজনা ,আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দৰে স্বাস্থ্য সম্বন্ধীয় আঁচনিৰ কাৰ্ড সমূহৰ নৱীকৰণৰ সন্দৰ্ভতো ৰাইজক পৰামৰ্শ প্ৰদান কৰা হয়(Ayushman Bharat card) ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.