স্বাধীনতা দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা শিবিৰ

By

Published : Aug 16, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৰ মহিলা কোষৰ সহযোগত মঙলবাৰে চাউলখোৱাত এটি বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ আয়োজন কৰে (Free eye check up camp in Dibrugarh ) ৷ চাউলখোৱা ল'ৰা মাদ্ৰাছাত অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত অঞ্চলটোৰ দুশ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাই বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰে ৷ আমছুৰ ডিব্ৰুগড় জিলাৰ মহিলা কোষৰ সভানেত্ৰী পাৰবিন আলী, মানকটা পঞ্চায়তৰ সভাপতি দীপামণি হাজৰিকাকে ধৰি আমছুৰ অন্য কেইবাগৰাকী বিষয়-ববীয়াই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায় ৷ এই বিশেষ স্বাস্থ্য শিবিৰত ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু নাৰ্ছৰ দল এটা উপস্থিত থাকি সেৱা আগবঢ়াই ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.