Barpeta Cancer Hospital: বৰপেটা কেন্সাৰ হাস্পতালত দালাল আটক

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:24 PM IST

thumbnail

বৰপেটা, ২১ ছেপ্টেম্বৰ: বৰপেটা কেন্সাৰ হাস্পতালত দালাল আটক ৷ ধৃত দালালটোৰ নাম অমৰজ্যোতি মুডিয়াৰ ৷ দালাল অমৰজ্যোতি মুডিয়াৰৰ ঘৰ নলবাৰী জিলাৰ বেলশৰত ৷ কেন্সাৰ ৰোগীৰ অস্ত্ৰোপচাৰৰ নামত ৰোগীৰ পৰিয়ালৰ লোকক দাবী কৰিছিল ১ লাখ ৩৪ হাজাৰ টকা ৷

বৃহস্পতিবাৰে ৰোগীৰ আত্মীয়ৰ পৰা ৫ হাজাৰ টকা লওঁতেই বৰপেটা আৰক্ষীয়ে হাতে লোটে ধৰা পেলায় দালালটোক ৷ কেন্সাৰ হাস্পতালত দালাল আটকৰ ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ লাভ কৰা তথ্য অনুসৰি, যোৱা ২ ছেপ্টেম্বৰত বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অডলাগুৰি গাঁৱৰ শ্ৰীমন্ত মেধিক বৰপেটা কেন্সাৰ হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ 

ডাঃ কিৰণ কে নামৰ চিকিৎসকজনে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰা সুবিধা অনুসৰি সম্পূৰ্ণ বিনামূলীয়াকৈ লোকজনৰ অস্ত্ৰোপচাৰ হ’ব বুলি জনাইছিল ৷ কিন্তু অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিচতেই ডাঃ কিৰণ কে’ই অমৰজ্যোতি মুডিয়াৰ নামৰ দালালটোৰ জৰিয়তে ৰোগীজনৰ অস্ত্ৰোপচাৰৰ নামত দাবী কৰে ধন ৷ পূৰ্বে Gpay যোগে ১০ হাজাৰ টকা আদায় দিয়াৰ পিচত আজি পুনৰ নগদ ৫ হাজাৰ টকা লোৱাৰ সময়তে দালালটোক হাতে লোটে ধৰা পেলায় আৰক্ষীয়ে ৷ অৱশ্যে এই মুহূৰ্তলৈকে ডাঃ কিৰণ কে’ক সোধপোচ কৰা নাই বৰপেটা আৰক্ষীয়ে ৷

লগতে পঢ়ক : Road Mishap: নিয়ন্ত্ৰণ হেৰুৱাই নিচাসক্ত যুৱকৰ বাহনে খুন্দিয়ালে পথৰ কাষৰ দোকানত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.