Majuli News: মাজুলীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন পালন

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 6:08 PM IST

thumbnail

মাজুলী, 11 অক্টোবৰ: আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মাজুলীতো গৌৰৱ গগৈ ফেন ক্লাৱৰ উদ্যোগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 89 সংখ্যক জন্মদিন পালন কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ জন্মদিনটোৰ লগত সংগতি ৰাখি মাজুলীত গৌৰৱ গগৈ ফেন ক্লাবে কমলাবাৰী অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ কৰে ।

ইয়াৰ পিচতে কমলাবাৰী অসামৰিক চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে গৌৰৱ গগৈ ফেন ক্লাবৰ সদস্যসকলে । এই কাৰ্যসূচীত গৌৰৱ গগৈৰ ফেন ক্লাৱৰ সদস্য সকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিষ্ণু কমল পায়েং, জিলা কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন সভাপতিৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে । 

লগতে পঢ়ক:UPSC APSC training camp:মাজুলীৰ বিধায়কৰ প্ৰশংসনীয় পদক্ষেপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.