লাখপতি হোৱাৰ মন, পঞ্চায়ত কাৰ্যালয়ত ব্যাপক ভিৰ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 3:40 PM IST

thumbnail

গোলাঘাট, 19 জানুৱাৰী : লাখপতি হোৱাৰ আশাৰে পঞ্চায়তে পঞ্চায়তে এতিয়া মহিলাৰ ভিৰ ৷ পঞ্চায়ত কাৰ্যালয় সমূহত এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা ৷ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ ল’বলৈ হেতা-উপৰা শ শ মহিলাৰ ৷

গোলাঘাটৰ বেঙেনাখোৱা পঞ্চায়ততো দেখা গ’ল উথপথপ পৰিৱেশ ৷ পঞ্চায়ত কাৰ্যালয় চৌহদত বিৰ দি বাট নোপোৱা অৱস্থা ৷ আঁচনিৰ প্ৰ-পত্ৰ ল’বলৈ ভিৰ কৰিছে শ শ মহিলাই ৷ কেৱল ইয়াতেই নহয়, জিলাখনৰ আন পঞ্চায়ত সমূহতো আজি পৰিলক্ষিত হ’ল একেই পৰিৱেশ ৷

ইফালে ইয়াৰ মাজতেই মহিলা সকলক উৎসাহ দিবলৈ আহিল মন্ত্ৰী অজন্তা নেওগ ৷ আত্মসহায়ক গোটৰ মহিলা সকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ তদাৰক কৰে বিত্ত মন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে ৷ 

লগতে পঢ়ক : এপ্ৰিল মাহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠিব পেট্ৰ'কেমিকেল লিমিটেডৰ ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পৰ কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.