ETV Bharat / state

এপ্ৰিল মাহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠিব পেট্ৰ'কেমিকেল লিমিটেডৰ ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পৰ কাম

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 10:13 AM IST

Updated : Jan 19, 2024, 11:25 AM IST

ASSAM PETROCHEMICALS LTD PRESS MEET BONGAIGAON
এপ্ৰিল মাহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠিব পেট্ৰ'কেমিকেল লিমিটেডৰ ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পৰ কাম

Assam Petrochemicals Ltd : বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনাবাৰীত অসম পেট্ৰ’কেমিকেল লিমিটেডৰ নিৰ্মীয়মান ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পটোৰ কাম আগন্তুক এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব আৰু দেশবাসীলৈ উৎসৰ্গিত কৰা হ'ব ৷

এপ্ৰিল মাহ পৰ্যন্ত সম্পূৰ্ণ হৈ উঠিব পেট্ৰ'কেমিকেল লিমিটেডৰ ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পৰ কাম

বঙাইগাঁও, 19 জানুৱাৰী: বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনাবাৰীত অসম পেট্ৰ’-কেমিকেলচ লিমিটেডৰ নিৰ্মীয়মান ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পটোৰ কাম আগন্তুক এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব আৰু দেশবাসীলৈ উৎসৰ্গিত কৰা হ'ব বুলি বৃহস্পতিবাৰে মন্তব্য কৰিছে অসম পেট্ৰ’-কেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই ৷ বৃহস্পতিবাৰে প্ৰকল্পস্থলীত আয়োজন কৰা এখন সংবাদমেলত অসম পেট্ৰ’কেমিকেল লিমিটেডৰ অধ্যক্ষগৰাকীয়ে এই কথা সদৰী কৰাৰ লগতে প্ৰকল্পটোৰ বৰ্তমানৰ কাম- কাজৰ শেহতীয়া তথ্যখিনি দাঙি ধৰে ৷

অৱশ্যে প্ৰকল্পটো নিমাৰ্ণৰ কাম যি গতিত হ'ব লাগিছিল সেই অনুসৰি বিভিন্ন কাৰণত লেহেমীয়া হোৱাৰ কথাও স্বীকাৰ কৰে ৷ উল্লেখ্য যে সংবাদমেলৰ পূৰ্বে বঙাইগাঁও আৰু গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি নিয়া সাংবাদিকৰ দলক প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ তথ্য অৱগত কৰে ৷

ইপিনে সংবাদমেলত অধ্যক্ষগৰাকীয়ে কয় যে নামৰূপস্থিত অসম পেট্ৰ’-কেমিকেলচ লিমিটেডে 2017 চনত নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই অনুসৰি 2017 চনৰ অক্টোবৰত নামৰূপত দৈনিক পাঁচশ মেট্ৰিক টন মিথানল উৎপাদন প্ৰকল্পৰ কাম হাতত লৈছিল ৷ ইয়াৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনাবাৰীতো এটা ফৰ্মেলডিহাইড উৎপাদন প্ৰকল্পৰ কাম হাতত লোৱা হয় ৷

গেকাই কয়, "তাৰোপৰি অসম পেট্ৰ’কেমিকেল লিমিটেডৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ বিহাৰ, উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, পশ্চিমবংগ আদি প্ৰতিবেশী ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশত উদ্যোগটোৰ উৎপাদিত সামগ্ৰীৰ সমাদৰ বা চাহিদা আছে ৷ সেয়েহে বাণিজ্যিক কাৰণতে আমি বইটামাৰীৰ ঢাকনাবাৰীত দৈনিক দুশ মেট্ৰিক টন ফৰ্মেলডিহাইড উৎপাদনক্ষম প্ৰকল্প এটা সম্প্ৰসাৰণৰ কাম হাতত লৈছিলো ৷ অৱশ্যে প্ৰকল্পটোৰ কাম যেনে ধৰণে আগবাঢ়িব লাগিছিল বা আগবঢ়াই নিব লাগিছিল তেনে ধৰণে আমি আগবঢ়াই নিব পৰা নাই ৷"

কামৰ গতি লেহেমীয়া হোৱাৰ কাৰণ হিচাপে কা' আন্দোলন, কৰ’না মহামাৰী প্ৰভাৱৰ কথা উল্লেখ কৰাৰ লগতে নামৰূপত যিহেতু এটা দৈনিক পাঁচশ মেট্ৰিক টন মিথানল উৎপাদনৰ বৃহৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল, সেয়ে সেই প্ৰকল্পটোৰ কাম অতি সোনকালে শেষ কৰাৰ বাবে সেই প্ৰকল্পটোৰ কামতে অধিক সময় মনোনিৱেশ কৰিছিল ৷ ইয়াৰ ফলত বইটামাৰীত নিৰ্মাণৰত প্ৰকল্পটোৰ কামত তেনে দৰে মনোনিৱেশ কৰিব পৰা নাছিল বুলি জনায় ৷ কাৰণ নামৰূপৰ মূল প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে তাত উৎপাদিত মিথানলৰ কিছু অংশ বইটামাৰীৰ প্ৰকল্পলৈ আনি ফৰ্মেলডিহাইড উৎপাদন কৰা হ'ব ৷ সেয়ে অধিক সময় মিথানল উৎপাদন প্ৰকল্পটোতে দিয়া হৈছিল ৷

শেহতীয়াভাৱে ডিচেম্বৰ মাহৰ পৰা প্ৰকল্পটোত দৈনিক পাঁচ মেট্ৰিক টনৰ পৰা পাঁচশ তিনি মেট্ৰিক টনলৈকে মিথানল উৎপাদন পাবলৈ সক্ষম হৈছে ৷ অধ্যক্ষগৰাকীয়ে বইটামাৰীত মিথানল আৰু ফৰ্মেলডিহাইড মজুত ৰখা হ'ব আৰু ইয়াৰ পৰা বহিঃৰাজ্য তথা ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জনায় ৷ তেওঁ এই প্ৰকল্পটো সন্দৰ্ভত অহা এপ্ৰিল মাহত অসমবাসীক ভাল খবৰ দিব পাৰিব বুলি কৈ অসমীয়া নৱবৰ্ষৰ সময়তে প্ৰকল্পটো দেশবাসীক উৎসৰ্গিত কৰিব বুলিও সংবাদ মেলত সদৰী কৰে ৷

সংবাদমেলত ডেকাই আৰু কয়, "নামনি অসমৰ বঙাইগাঁও অঞ্চলটোত বঙাইগাঁও শোধনাগাৰক বাদ দি উদ্যোগ কম ৷ আমাৰ কাৰণে এই অঞ্চলটো সুবিধাজনক হয় ৷ অসম চৰকাৰেও তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই অঞ্চলটোত কিছু উদ্যোগিক বাতাবৰণ গঢ়ি উঠাটো বিচাৰে ৷ সেয়ে এই প্ৰকল্পটোৰ জৰিয়তে এই অঞ্চলটোত এটা উদ্যোগিক বাতাবৰণৰ পৰিৱেশ গঢ়ি উঠিব ৷ প্ৰকল্পটোৰ জৰিয়তে এই অঞ্চলটোৰ নিবনুৱা সমস্যাৰ সাংঘাটিকভাৱে সমাধান হ'ব বুলি নেভাবো যদিও ইয়াত প্ৰত্যক্ষভাবে নহলেও পৰোক্ষভাবে নিবনুৱা যুৱক-যুৱতীসকলে মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে যাতে জীৱন জীৱিকাৰ সন্ধান পায় তাৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব ৷"

সংবাদমেলত ডেকাই ইতিমধ্যে প্ৰকল্পটোৰ প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি সদৰী কৰি এপ্ৰিল মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব বুলিও কয় ৷ লগতে এইখিনিলৈকে প্ৰকল্পটোৰ কাম আগবঢ়াই নিবলৈ সক্ষম হোৱাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগতে দল-সংগঠন তথা সংবাদিকসকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়োৱা বুলি কয় ৷

অধ্যক্ষগৰাকীয়ে সংবাদমেলত বইটামাৰীৰ প্ৰকল্পটোৰ বাবে মুঠ 146 কোটি টকা প্ৰকল্প ব্যয় ধাৰ্য কৰা হৈছে আৰু তাৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে এই প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হ’লে ৰাজ্য চৰকাৰে বছৰি এশৰ পৰা এশ বিশ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলিও কয় ৷

সংবাদমেলত অসম পেট্ৰ’-কেমিকেলচ লিমিটেডৰ অধ্যক্ষগৰাকীৰ উপৰিও উপাধ্যক্ষ হেমন্ত গগৈ, পৰিচালন সঞ্চালক ৰাজনেশ গগৈ, বিত্ত সঞ্চালক প্ৰমোদ কুমাৰ প্ৰসাদ, পৰিচালন সঞ্চালক মণ্ডলীৰ সদস্য পৰাণ বৰুৱা, প্ৰীতম ৰায় চৌধুৰী, জিন্টু তালুকদাৰ, মহাপ্ৰৱন্ধক ডি কাকতি, এছ ইউ জামান আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : চৰকাৰে অসম চুক্তি কাৰ্যকৰী নকৰাত আজিও শ্বহীদৰ আত্মাই শান্তি লাভ কৰা নাই: শংকৰজ্যোতি বৰুৱা

Last Updated :Jan 19, 2024, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.