Manikpur Flood Update: বানৰ কবলত মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত 20 খনৰো অধিক গাঁও

By

Published : Jul 13, 2023, 1:12 PM IST

thumbnail

বঙাইগাঁও, 13 জুলাই : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত 20 খনৰো অধিক গাঁও পুনৰ আই নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ৷ 3 দিন ধৰি বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ পিছতো বন্যাৰ্তক প্ৰশাসন, বিধায়ক তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷  

4, 5 আৰু 6 নং ভাণ্ডাৰা, জামদহা বালাৰপেট, টেনটনপুৰ, কাহীবাৰী, বাশবাশীসহ কুৰিখনৰো অধিক গাওঁৰ ৰাইজ এতিয়া বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷ নিতৌ ন ন গাঁও বানত প্লাবিত হৈ আছে ৷ পশুধন আৰু শিশু খাদ্যৰ সমস্যাত পৰিছে বন্যাৰ্ত ৷

ঘৰ-দুৱাৰ বাঢ়নী পানীত ডুব যোৱাত বহু পৰিয়ালে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ দিনক দিনে পানী বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে সমষ্টিবাসী ৷ আনহাতে কীৰ্ত্তনপাৰা - ডাঙাইগাঁও সংযোগী গড়কাপ্তানি পথ বানত ডুব যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ 

লগতে পঢ়ক : Nimati Majuli Ferry Service: অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা; ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি মৃত্যু বৃদ্ধৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.