Flood affected school: পানীয়ে খেদি ফুৰা এখন অভিশপ্ত বিদ্যালয়

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 4:36 PM IST

thumbnail

নলবাৰী, ১৭ অক্টোবৰ : নলবাৰীৰ ৩ নং বৰবালা চৰৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ আজৱ কাণ্ড। বানৰ পিচৰে পৰা ৬০ গৰাকী কণ কণ শিক্ষাৰ্থীক পাঠদানৰ পৰা বঞ্চিত কৰি ইখনৰ পৰা সিখন ঠাইলৈ স্থানান্তৰিত কৰিছে বিদ্যালয়খন। মণ্টুৰ চুপা প্ৰাথমিক বিদ্যালয়খন পূৰ্বতে কুৰিহামাৰী চৰত আছিল। চলিত বৰ্ষৰ জুলাই মাহত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ কবলত পৰাৰ পিচত পৰিচালনা কমিটিৰ সিদ্ধান্তমৰ্মে বিদ্যালয়খন পুনঃস্থাপন কৰিছিল ৩ নং বৰবালা চৰত।

তাৰ পিচতে তিনিগৰাকী শিক্ষকে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক প্ৰায় দুমাহ পাঠদান কৰি আহিছিল। কিন্তু শেহতীয়াকৈ বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ এক নিৰ্দেশনা অনুসৰি বিদ্যালয়খন পুনৰ ৫ নং বৰবালা চৰলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে । এই সিদ্ধান্তৰ ফলত শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে অভিভাৱকসকল ৷ 

এতিয়া পাঠদানৰ বাবে শিক্ষক বিচাৰি মুখ্যমন্ত্ৰীলৈ কাকুতি মিনতি কৰে ৩ নং বৰবালা চৰৰ ভুক্তভোগী শিক্ষাৰ্থীসকলে। ইয়াৰ লগতে বিদ্যালয়খন ৩ নং বৰবালা চৰত বাহাল ৰাখিবলৈ চৰকাৰক আহ্বান জনায় স্থানীয় ৰাইজে।

লগতে পঢ়ক: Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.