দ খাৱৈত বাগৰিল পৰ্যটকক লৈ যোৱা বাহন, 5 জনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:53 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : মঙলবাৰে মধ্য কাশ্মীৰৰ গান্দেৰবাল অঞ্চলৰ জোজিলা পাছত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটি হৈছে ৷ বিষয়াসকলে জনোৱা অনুসৰি, মঙলবাৰে কেৰালাৰ পৰা পাঁচজন পৰ্যটকক কঢ়িয়াই নিয়া এখন বাহন মধ্য কাশ্মীৰৰ গান্দেৰবাল অঞ্চলৰ জোজিলা পাছত গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয় বুলি জানিব পৰা গৈছে ৷

এগৰাকী বিষয়াই ইটিভি ভাৰতক জনোৱা অনুসৰি, সোণামাৰ্গ অভিমুখে যোৱা বাহনখন ৰাজপথৰ পৰা পিছলি গৈ খাৱৈত বাগৰি পৰে ৷ এই দুৰ্ঘটনাত দুজন পৰ্যটক আঘাতপ্ৰাপ্ত হয় ৷ ততাতৈয়াকৈ দুয়োজন আঘাতপ্ৰাপ্ত পৰ্যটকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ 

আহত দুজনৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে এছকেআইএমএছ সৌৰালৈ স্থানান্তৰিত কৰা হৈছে ৷ আটাইকেইজন লোকেই কেৰালাৰ পৰা আহিছিল বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: তুষাৰপাতৰ বাবে স্তব্ধ হৈ পৰিল কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.