Gamblers arrested in Barpeta: বৰপেটাৰ মাজদিয়া আৰক্ষীৰ জালত পাঁচ জুৱাৰী

By

Published : Feb 27, 2023, 11:20 AM IST

thumbnail

বৰপেটা, ২৭ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অপৰাধ নিয়ন্ত্ৰণৰ বাবে কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে । ইয়াৰ মাজতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত অবাধে চলি আছে ড্ৰাগছৰ বেহাৰ লগতে তীৰ-জুৱা আদি সমাজ বিধ্বংসী খেল ৷ বিভিন্ন স্থানত জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে বহু লোকক গ্ৰেপ্তাৰ কৰিছে ৷ বৰপেটা জিলাতো মদ, জুৱা, ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ সময়ে সময়ে বৰপেটা আৰক্ষীয়ে মদ, জুৱা, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অবৈধ সুৰা ব্যৱসায়ী, জুৱাৰী, ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰি আহিছে যদিও বৰ্তমানও সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ মাজতেই আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ মাজদিয়াত গ্ৰেপ্তাৰ কৰে পাঁচটাকৈ জুৱাৰীক (Five gamblers arrested by police in Barpeta) ৷  

জিলাখনৰ মাজদিয়া আৰক্ষী চকীৰ আৰক্ষীয়ে শনিবাৰে নিশা জুৱাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে (Gamblers arrested at Mazdia in Barpeta)। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত চলে এই অভিযান (Mazdia out post)। নিশা কঠালভূৰি গাঁৱত জুৱাৰ বিৰুদ্ধে অভিযান চলাই মাজদিয়া আৰক্ষীয়ে পাঁচটাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰীকেইটা হৈছে কঠালভূৰি গাঁৱৰ নুৰুল ইছলাম, ৰফিকুল ইছলাম আৰু কুকাৰপাৰ গাঁৱৰ মুক্তাৰ আলী, আফাজ দেৱান, লালচান আলী ।  

আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাৰ পৰা নগদ ১,৮৮০ টকাৰ লগতে চাৰিটা ম'বাইল ফোন আৰু জুৱাত ব্যৱহৃত তাচপাত আদি জব্দ কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰীকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি কয় মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই । উল্লেখ্য় যে জিলাখনৰ বিভিন্ন ঠাইত বিশেষকৈ নৈপৰীয়া অঞ্চলত মৰাপাট খেতি আদিৰ মাজত সোমাই গোপনে এনে খেল নিয়মীয়াকৈ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক:Many encounters in Assam : হিমন্ত বিশ্ব শৰ্মাৰ দিনত 174 টা এনকাউণ্টাৰৰে ৰাজ্যত চলিছে মুক্তহত্যাৰ যজ্ঞ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.