আজিৰে পৰা ৫ দিনীয়া প্ৰথম টীয়ক গ্ৰন্থমেলা আৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:26 PM IST

thumbnail

টীয়ক, ২২ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম টীয়ক গ্ৰন্থমেলা । টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত তথা টীয়কবাসীৰ সহযোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে প্ৰথম টীয়ক গ্ৰন্থমেলা । বৃহত্তৰ অসমৰ বহুসংখ্যক স্বনামধন্য ব্যক্তিৰ উপস্থিতিত পুৱা টীয়কৰ বিশিষ্ট শিক্ষাবিদ কিৰণ চন্দ্ৰ গোস্বামী আৰু উদযাপন সমিতি তথা টীয়ক প্ৰেছ ক্লাবৰ সভাপতি প্ৰান্তনু দত্তই প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে ।

তাৰ পাছতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ হয় । ইপিনে গ্ৰন্থমেলাৰ বাকৰিত নিৰ্মিত বলুকা শিল্পৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই । উক্ত কাৰ্যসূচীৰ পাছত অসম সাহিত্য বঁটাপ্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত ডঃ অকণ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থমেলাৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ।

এই সভাত অসমৰ বিশিষ্ট লেখক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি টীয়ক প্ৰেছ ক্লাবৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে প্ৰথমবাৰৰ বাবে আয়োজিত এই গ্ৰন্থমেলাৰ সফল সমাপ্তি কামনা কৰে ।

লগতে পঢ়ক :নদী ব্যৱস্থাপনাত যুগান্তকাৰী উদ্ভাৱন গুৱাহাটী আইআইটিৰ গৱেষকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.