Diwali in Golaghat: বৰপথাৰ মহকুমা প্ৰশাসনৰ অভিযানত জব্দ উচ্চ প্ৰাবল্যৰ আতচবাজী

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 4:51 PM IST

thumbnail

গোলাঘাট, ১২ নবেম্বৰ: দীপাৱলীৰ প্ৰাকক্ষণত গোলাঘাটৰ বৰপথাৰত শনিবাৰে নিশা আতচবাজী জব্দ কৰে প্ৰশাসনে । নিশা বৰপথাৰ আৰক্ষী, দণ্ডাধীশ, পৌৰসভাৰ কৰ্মীৰ সহযোগত বৰপথাৰ নগৰৰ ১০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলোৱা হয় । অভিযানকালত উচ্চ প্ৰাবল্যৰ আৰু অবৈধভাৱে মজুত ৰখা আতচবাজী জব্দ কৰিবলৈ সক্ষম হয় প্ৰশাসনৰ লোকে ।  

উল্লেখযোগ্য যে বৰপথাৰ নগৰৰ ব্যৱসায়ী অনুপ খেতানৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই ধনশিৰি মহকুমা প্ৰশাসনে জব্দ কৰে আতচবাজী । মহকুমা প্ৰশাসনে প্ৰদান কৰা অনুজ্ঞাপত্রত উল্লেখিত পৰিমাণতকৈ অত্যধিক আতচবাজী মজুত ৰাখিছিল ব্যৱসায়ীজনে । 

স্মৰ্তব্য যে পূৰ্বেও ধনশিৰি মহকুমা প্ৰশাসনে অনুপ খেতান নামৰ ব্যৱসায়ীজনৰ গুদাম ছীল কৰিছিল । কিন্তু এইবাৰ প্ৰশাসনে নিৰ্ধাৰণ কৰা নিৰিখতকৈ অত্যধিক আতচবাজী উদ্ধাৰ হোৱাৰ পিছতো ব্যৱসায়ীজনৰ গুদাম ছীল নকৰিলে প্ৰশাসনে । ইপিনে, ইয়াৰ পিচতো ব্যৱসায়ী অনুপ খেতানক আটক কৰা নাই আৰক্ষীয়ে । যি ঘটনাত ৰহস্যৰ গোন্ধ পাইছে সচেতন মহলে ৷

লগতে পঢ়ক:Money embezzlement Case: বৰভিঠা এম ই স্কুলত শিক্ষাৰ নামত অৰাজকতা, প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.