বিধ্বংসী অগ্নিকাণ্ড: জুইত জাহ গ’ল প্ৰায় দহ লাখ টকাৰ সামগ্ৰী

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:01 PM IST

thumbnail

গোলাঘাট, 1 জানুৱাৰী :  নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাট জিলাৰ মুৰফুলনীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মুৰফুলনী বজাৰ তিনি আলিৰ প্ৰকাশ মজুমদাৰ নামৰ ব্যক্তিজনৰ হাৰ্ডৱেৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ঘটনাত কোনোমতে ৰক্ষা পৰে কেইবাখনো ব্যৱসায়িক দোকানৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ।

এই ঘটনাৰ পিচতে স্থানীয় ৰাইজৰ সহযোগত কোনোমতে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় । এই অগ্নি কাণ্ডৰ ফলত প্ৰায় 10 লাখ টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি অনুমান কৰা হৈছে। এই ঘটনাৰ সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । 

যাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল । বৰ্তমানলৈকে এই অগ্নিকাণ্ড কিয় সংঘটিত হ’ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷  

লগতে পঢ়ক: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.