Fire in Lakhimpur : লখিমপুৰৰ এটা ডেম্পত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Dec 16, 2022, 9:01 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড (Fire in Lakhimpur) । শুকুৰবাৰে সন্ধিয়াৰ ভাগত লখিমপুৰ নগৰৰ হাতীলুঙৰ ভগা-চিঙা সামগ্ৰী সংগ্ৰহ কৰি ৰখা এটা ডেম্পত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out in Lakhimpur) ৷ এই ডেম্পটোৰ গৰাকী উদেশ জয়চোৱাল বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, এই ঘটনাত জাহ যায় সংগ্ৰহ কৰি ৰখা ভগা-চিঙা বহু সামগ্ৰী লগতে ডেম্পটোৰ গৰাকী উদেশ জয়চোৱালৰ বাসগৃহও ৷ ইফালে উক্ত ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন গাড়ীয়েও এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে আৰক্ষীয়ে ইতিমধ্যে উক্ত স্থানৰ পৰা বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে । কিন্তু এই অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.